কাকপথাৰ কঁঠালগুৰিত মৰাণ বিহু নৃত্যৰ ১০ দিনীয়া কৰ্মশালাৰ সফল সামৰণি

99

কাকপথাৰ কঁঠালগুৰিত মৰাণ বিহু নৃত্যৰ ১০ দিনীয়া কৰ্মশালাৰ সফল সামৰণি
দুৰ্নীতিৰ দৰ্পন সেৱা , কাকপথাৰ , ২৮ জানুৱাৰী :- মৰাণ জনগোষ্ঠীৰ অন্যতম সংগঠন মৰাণ জাতীয় মহিলা পৰিষদ দিৰাক আঞ্চলিক সমিতি আৰু মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্র কেন্দ্ৰীয় সমিতিৰ যুটীয়া উদ্যোগত কাকপথাৰ কঁঠালগুৰিত মৰাণ বিহু নৃত্যৰ ১০ দিনীয়া কৰ্মশালা আজি সফল সামৰণি পৰে । দুই শতাধিক প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰা কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে আছিল দীপাংকৰ মৰাণ,ৰূপান্ত মৰাণ,ৰোমান মৰাণ,পলাশ দহোতিয়া। বিনামূলীয়াকৈ বিহু নৃত্যৰ যোগেদি অঞ্চলটোৰ উঠি অহা প্ৰজন্মক সাংস্কৃতিক ক্ষেত্রখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ঔদ্যোক্তাসকলে সকলো ন-পুৰণি নৃত্য একত্ৰিত কৰি কঁঠালগুৰি ৰাজহুৱা খেলপথাৰত মৰাণ বিহু নৃত্য প্ৰদৰ্শন আৰু সামৰণি অনুষ্ঠান আয়োজন কৰে।ৰাজহুৱাকৈ অনুষ্ঠিত হোৱা মৰাণ বিহু নৃত্যৰ কৰ্মশালাটোত ৫ বছৰীয়া শিশুৰ পৰা ডেকা গাভৰু সকলোকে অংশগ্ৰহণ আৰু অভিভাৱক সকলকো সহায় সহযোগিতা কৰা পৰিলক্ষিত হয়। সামৰণি অনুষ্ঠানৰ অতিথিৰূপে উপস্থিত থাকে শদিয়া বিধায়কৰ প্ৰতিনিধি সীমান্ত মৰাণ, তিনিচুকীয়া জিলা যুৱ মৰ্চাৰ বলীন হাতীবৰুৱা মৰাণ জনগোষ্ঠীৰ সংগঠনৰ মহিলা পৰিষদৰ কেন্দ্ৰীয় সভানেত্রী দীপা শইকীয়া বৰা সাধাৰণ সম্পাদিকা হেমা মৰাণ,মৰাণ সভাৰ কেন্দ্ৰীয় উপ সভাপতি সুৰেন নেওঁগ সাংগঠনিক সম্পাদক ৰঞ্জিত মৰাণ,শৈক্ষিক কৰ্মচাৰী সভাপতি ভাৰ্ণৱ মৰাণ,মৰাণ ছাত্ৰ সন্থাৰ দিৰাক আঞ্চলিকৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় মৰাণ উপ সভাপতি অনুপ মৰাণ আৰু কাকপথাৰ আঞ্চলিকৰ সভাপতি ৰাজেন্দ্ৰ মৰাণৰ লগতে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নয়ন্ত মৰাণ।

Total Page Visits: 13 - Today Page Visits: 1