গড়কপ্তানী পথ মেৰামতিৰ দাবী আমছুৰ উত্তাল প্ৰতিবাদ

5
298
গড়কপ্তানী পথ মেৰামতিৰ দাবী আমছুৰ উত্তাল প্ৰতিবাদ ষ্টাফ ৰিপৰ্টাৰ , আছাদুৰ ৰহমান , ১৫ অক্টোবৰঃ ডবকাৰ পুৰাণ বজাৰস্থিত গড়কপ্তানী বিভাগৰ কাৰ্য্যলয়ৰ চৌহদত উত্তাল প্ৰতিবাদ । স্থানীয়  বিধায়ক আব্দুৰ ৰহিম আজমল , নগাওঁৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ডবকাৰ আকাশ বতাহ কপাই তোলে আমছুৱে । বিভিন্ন শ্ল-গানেৰে ডবকাৰ গড়কাপ্তানী বিভাগৰ কাৰ্য্যালয় ঘেৰাওঁ কৰে আমছুৱে । উল্লেখ্য যে , বিগত দিনত আমছুৱে কৰি অহা দাবী সমূহ ৰক্ষা কৰিব পৰা নাই গড়কাপ্তানী বিভাগে । প্ৰায় ছয় মাহ পূৰ্বে হোৱা বছৰৰ প্ৰথমটো বানে যমুনামুখ সমষ্টিৰ অধিকাংশ বাট পথ বিধস্ত ৰূপত পৰিণত হয় । উদাহৰণ স্বৰূপে ডবকাৰ পৰা যমুনামুখ সংযোগী আৰু সৰুপথাৰৰ পৰা যমুনামুখ সংযোগী গড়কপ্তানী পথ দুয়োটাত ভয়ংকৰ ৰূপত গৰাখহনীয়াৰ সৃষ্টি হৈছে । যাৰ ফলত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । এই পথ দুয়োটাৰেই বিপদ জনক অৱস্থাত যাতায়ত কৰিছে সাধাৰণ জনতা স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে । এই পথ দুটা মেৰামতিৰ বাবে বিভিন্ন দল সংগঠনে বিভাগীয় কতৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে যদিও বৰ্তমান লৈকে মেৰামতি নহল এই পথ সমূহ । সকলো দল সংগঠনৰ দাবী অমান্য কৰাত আজি আমছুৱে পুনৰ পথ মেৰামতিৰ দাবীত ঘেৰাওঁ কৰিলে গড়কাপ্তানী বিভাগৰ কাৰ্য্যালয় । প্ৰতিবাদত হোজাই জিলা আমছুৰ উপদেষ্টা আব্দুল হাচিব, সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰৰ লগতে প্ৰায় দুই শতাধিক আমছু কৰ্মী উপস্থিত থাকে । প্ৰতিবাদৰ শেষান্তত হোজাই জিলা আমছুৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰে সাংবাদিকৰ এক স্বাক্ষৰত যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় । লগতে এই কথাও স্পষ্ট কৰে যে যমুনামুখ সমষ্টিৰ লগতে সমগ্র হোজাই জিলা খনতে বাট-পথ মেৰামতি নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বিচাৰি অহা সকলো দলৰ নেতা সকলক পহু খেদা দিব বুলি হুংকাৰ প্ৰদান কৰে ৷ প্ৰতিবাদৰ অন্তত ডবকা গড়কপ্তানী বিষয়া আৰু ডবকা ৰাজহ চক্র বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ গড়কপ্তানী বিভাগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

5 COMMENTS

  1. ссылка на гидру, конечно, гарантирует защищенность в интернет-сети, но тем не менее, этой защищенности не хватает и заниматься с проектом с обычного браузера нельзя. При открытии вебсайта через обычный для вас браузер провайдер отследит все разделы, на какие вы заходили, и столь сомнительная интенсивность может заинтересовать структуры правопорядка. Вследствие этого нужно поразмышлять о особой защищенности.

LEAVE A REPLY

Please enter your comment!
Please enter your name here