গোলকগঞ্জৰ বিছনদৈ গাঁৱত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ , বিজেপিক প্ৰতিহত কৰি কংগ্ৰেছক জিকোৱাৰ সংকল্প

44

গোলকগঞ্জৰ বিছনদৈ গাঁৱত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ , বিজেপিক প্ৰতিহত কৰি কংগ্ৰেছক জিকোৱাৰ সংকল্প
দুৰ্নীতিৰ দৰ্পণ সেৱা , গোলকগঞ্জ , ৮ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত বিছনদৈ গাঁৱত গোলকগঞ্জ আৰু আগমনি ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত আজি কংগ্ৰেছৰ এখন বুথ সংকল্প শিবিৰ অনুষ্ঠিত হৈ যায় । ধুবুৰী জিলা কংগ্ৰেছ সভাপতি উত্তম কুমাৰ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত বুথ সংকল্প শিবিৰত সুদুৰ ছত্তীছগঢ়ৰ পৰা আহি মূখ্য প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে অংকিত আৰু নৱাজ খানে । প্ৰশিক্ষক হিচাপে থাকে আব্দুল খালেক আৰু গোলাপ ৰব্বানী । ইয়োপৰি গোৱালপাৰা পুৱৰ কংগ্ৰেছী বিধায়ক এ কে আব্দুল ৰসিদ, দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী , গোলকগঞ্জ সমষ্টিৰ তত্বাৱধায়ক তথা এ পি চি চি ৰ সাধাৰণ সম্পাদক সম্ভূ মন্ডল, গোলকগকঞ্জ ব্লক কংগ্ৰেছৰ সভাপতি খগেন্দ্ৰ নাথ, আগমনি ব্লক কংগ্ৰেছৰ সভাপতি তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী আব্দুছ ছোবাহান আলী সৰকাৰ, প্ৰাক্তন বিধায়ক তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী আবু তাহেৰ ব্যাপাৰী, ধুবুৰী জিলা পৰিষদৰ উপ সভাপতি আলতাফ হুছেইন মন্ডল, ধুবুৰী জিলা সম্পাদক তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী তপন কুমাৰ ৰায়, অসম কংগ্ৰেছ কমিটিৰ সমন্বয়ক তথা প্ৰৰ্থীত্ব প্ৰত্যাশী ৰাজীৱ আলী জামাদাৰ প্ৰমূখ্যে বহু কেইজন প্ৰাৰ্থীত্ব প্ৰত্যাশী আৰু গোলকগঞ্জ সমষ্টিৰ ২৩ খন মন্ডল কংগ্ৰেছ কমিটিৰ বিষয় ববীয়া, ৱাৰ্ড আৰু বুথ কংগ্ৰেছৰ তিনি সহশ্ৰধিক কৰ্মকৰ্তা উপস্থিত থাকে । সুদুৰ ছত্তীছগঢ়ৰ পৰা আহি মূখ্য প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰা নৱাজ খানে গোলকগঞ্জ সমষ্টিৰ পৰা কোন দলীয় প্ৰাৰ্থীত্ব লাভ কৰিব তাক গুৰুত্ব প্ৰদান নকৰি কংগ্ৰেছ দলৰ হৈ কাম কৰি যাৱলৈ আহ্বান জনায় । কংগ্ৰেছ দলৰ প্ৰতীক হাতৰ চিনৰ হৈ কাম কৰি কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীক জয়ী কৰাৰ বাবে কাম কৰি যোৱাৰ আহ্বান জনায় । সভাত উপস্থিত থকা আন গৰাকী মূখ্য প্ৰশিক্ষক অংকিতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ী কৰা মূল ব্যাক্তি সকল দলীয় কৰ্মকৰ্তা বুলি উল্লেখ কৰে । গতিকে দলীয় প্ৰাৰ্থীৰ বাবে নহয় কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীৰ বাবে নহয় কংগ্ৰেছ দলৰ বাবে কাম কৰি যাৱলৈ দলীয় কৰ্মকৰ্তা সকলক আহ্বান জনায় । দলক শক্তিশালী কৰিবলৈ হলে দলীয় কৰ্মীয়ে কাম কৰিব লাগিব। দলীয় কৰ্মীয়ে নিষ্ঠাৰে কাম কৰিলে কংগ্ৰেছ প্ৰৰ্থী নিশ্চিত ভাৱে জয়ী হব বুলি তেওঁ কয়। এই ক্ষেত্ৰত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলক অকল টিকটৰ অপেক্ষাত নাথাকি দলীয় কাম কাজ কৰি যোৱাৰ আহ্বান জনায়। ছত্তীছগঢ়ত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ কেনেকৈ কাম কৰিছিল তাৰ ওপৰত আলোকপাত কৰি অসম তথা গোলকগঞ্জ সমষ্টিত দলীয় কৰ্মকৰ্তাই কাম কৰি যাব লাগিব তাৰ ওপৰত দলীয় কৰ্মকৰ্তা সকলক বিষদ ভাৱে বুজাই দিয়ে । বুথ সংকল্প শিবিৰত উপস্থিত থকা পূৱ গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰসিদ আলমে দলীয় কৰ্মী সকলক কংগ্ৰেছ দলৰ মূল সৈনিক বুলি উল্লেখ কৰে । আলমে ইংৰাজতকৈ মোদী আৰু অমিত শ্বাহক অধিক ভয়াবহ বুলি কয় । তেওঁ কয় ইংৰাজে ভাৰতক শোষণ কৰিবলৈ দুশ বছৰ লাগিছিল, কিন্তু অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে ছয় বছৰতে ভাৰতক বিক্ৰী কৰা শেষ কৰি দিছে আৰু কিছুদিন থাকিলে মানুহৰ ব্যক্তিগত সম্পত্তি আৰু কিডনিও বিক্ৰী কৰিব বুলি অভিযোগ কৰে । ভাৰতীয় নাগৰিকৰ পৰা কৰ সংগ্ৰহ কৰি আদানী আৰু আম্বানীৰ দৰে পুঁজি পতিৰ হাজাৰ হাজাৰ কোটি টকা মাফ কৰি আছে। গতিকে , এইবাৰ বিজেপিক পৰাস্থ্য কৰি কংগ্ৰেছ দলীয় প্ৰাৰ্থীক জয়ী কৰিব লাগিব বুলি তেওঁ কয় । ইফালে , সংবাদ মাধ্যমৰ লগত কংগ্ৰেছ-এ আই ইউ ডি এফ সহ মহা জোঠ বন্ধনত সমষ্টি ভাগ বটৰাক লৈ কোনো সংঘাত নাই বুলি উল্লেখ কৰে। কংগ্ৰেছৰ দলীয় হাই কমান্ডে যি সিদ্ধান্ত লৱ সেয়াই শেষ সিদ্ধান্ত হব বুলি কংগ্ৰেছৰ প্ৰৱীন নেতা ওৱাজাদ আলী চৌধুৰীয়ে কয় ।

Total Page Visits: 8 - Today Page Visits: 2