গোসাঁইগাঁৱত উলহ মালহেৰে পালিত হ’ল গণৰাজ্য দিৱস, দুগৰাকী সাংবাদিকক সম্বৰ্ধনা

54
গোসাঁইগাঁৱত উলহ মালহেৰে পালিত হ’ল গণৰাজ্য দিৱস, দুগৰাকী সাংবাদিকক সম্বৰ্ধনা
দুৰ্নীতিৰ দৰ্পণ সেৱা, গোসাঁইগাঁও, ২৭ জানুৱাৰীঃ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মঙ্গলবাৰে ৭২ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উৰিল গোসাঁইগাঁৱত৷ গোসাঁইগাঁও মহকুমাৰ সদৰ চহৰৰ গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক খেলপথাৰত আয়োজিত গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অতিৰিক্ত জিলা উপায়ুক্ত তথা গোসাঁইগাঁও মহকুমাৰ মহকুমাধিপতি পল্লবী সৰকাৰে৷ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ নিশ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পল্লবী সৰকাৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামী, ৰাষ্ট্ৰৰ সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া সকলক সোঁৱৰণ কৰি প্ৰদান কৰা ভাষনৰ কিয়দাংশ এয়া, ‘আমাৰ দেশ ভাৰতবৰ্ষ এখন বৃহত্তৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দেশ৷বিশাল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ স্বাধীন নাগৰিক হিচাপে প্ৰতিজন নাগৰিকে গৌৰৱবোধ কৰিছো৷ ভাৰতবৰ্ষ এনে এখন দেশ যত প্ৰতিটো জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো নাগৰিকে সমান অধিকাৰ লাভ কৰে৷ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ উৎকৃষ্ট নিদৰ্শন ভাৰতবৰ্ষ৷অনৈক্যৰ মাজত ঐক্য,প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও এখন সুন্দৰ আৰু শান্তিপূৰ্ণ অঞ্চল৷ মহকুমাবাসী ৰাইজে দীৰ্ঘদিন ধৰি ঐক্য, সৌহাৰ্দ্য আৰু ভাতৃত্ববোধ ৰক্ষা কৰি বসবাস কৰি আহিছে৷ অনাগত দিনবোৰত মহকুমাৰ প্ৰতিজন নাগৰিকে এলেকাৰ সৰ্বাংগিন উন্নয়নৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব৷ মহকুমাৰ প্ৰতিটো কাৰ্যলয় তথা বিভাগৰ মুৰব্বী আৰু কৰ্মচাৰী সকলে সততা, কৰ্তব্যনিষ্ঠা আৰু আন্তৰিকতাৰে নিজ নিজ কৰ্মদক্ষতাৰ পৰিচয় দিব লাগিব৷বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাগুৰু সকলেও ছাত্ৰছাত্ৰী সকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব৷ছাত্ৰ ছাত্ৰী সকলেও অধিক মনোযোগেৰে পঢ়াশুনাৰ উপৰি স্বচ্ছতা আৰু চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দি মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ আহ্বান জনায়৷পতাকা উত্তোলন থলীত মহকুমাধিপতি গৰাকীয়ে এই পবিত্ৰ ক্ষণত ৰাষ্ট্ৰীয় পতাকাৰ তলত প্ৰতিজন নাগৰিকে নিজৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰি দেশৰ অখণ্ডতা ৰক্ষা কৰিবলৈ শুদ্ধ অন্তঃকৰণেৰে অংগীকাৰবদ্ধ হবলৈ আহ্বান জনায়৷ বিশাল জনসমাবেশ  পতাকা  উত্তোলনৰ পূৰ্বে দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ আত্মত্যাগক সোঁৱৰণ কৰি শ্বহীদ তৰ্পন কৰাৰ উপৰি আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাৰ্চপাৰ্টচৰ অভিবাদন গ্ৰহন কৰে৷ দেশপ্ৰেমমূলক আৰু জনগোষ্ঠীয় নৃত্য গীতৰ সমাৰোহৰ মাজতে প্ৰথমবাৰৰ বাবে মহকুমাৰ দুগৰাকী জেষ্ঠ তথা বিশিষ্ট সাংবাদিক ক্ৰমে গোসাঁইগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা অসমীয়া খবৰৰ গোসাঁইগাঁৱৰ সাংবাদিক আব্দুল ওৱাহাব আহমেদ আৰু আমাৰ অসম কাকতৰ জ্যোতিপ্ৰকাশ তালুকদাৰক সম্বৰ্ধনা জনায় মহকুমা প্ৰশাসনে৷ একেদৰে মহকুমাধিপতি কাৰ্যালয়ৰ কৰ্মচাৰী  কাৰ্তিক চন্দ্ৰ ৰায়ৰ উপৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
Total Page Visits: 22 - Today Page Visits: 1