জনীয়াত ৬ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ ৰাজ্যিক পৰ্যায়ৰ খাদী আৰু গ্ৰামোদ্যোগ মেলা

16

জনীয়াত ৬ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ ৰাজ্যিক পৰ্যায়ৰ খাদী আৰু গ্ৰামোদ্যোগ মেলা
প্ৰতিবেদক মনজিৎ দাস , হাউলী , ২০ ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰপ্ৰাপ্ত এন জি অ জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ অহা ৬ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ ১৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হব পৰিষদৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশন । ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’ব খাদী আৰু গ্ৰামোদ্যোগ মেলা । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৭৫ টা খাদী ষ্টলে অংশগ্ৰহণ কৰিব । ইতিমধ্যে অধিবেশনৰ পুৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। মুল কমিটিৰ উপৰিও গঠন কৰা হৈছে ১০ টাৰো অধিক উপ সমিতি। যোৱা ১৯ ফেব্ৰুৱাৰীত এই সম্পৰ্কে এন জি অৰ সভাপতি আব্দুল্লাহেল মোহাইমেনৰ সভাপতিত্বত দ্বিতীয় খন সাধাৰণ সভা অনুষ্ঠিত হয় । সভাত উদ্দেশ্য ব্যাখ্যা কৰে এন জি অৰ সাধাৰণ সম্পাদক আব্দুল মালিকে। উক্ত সভাত বালিকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ এম ইব্ৰাহিম আলী,জনীয়া ফখৰুদ্দিন আলী আহমেদ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ছানোৱাৰ ৰহমান , বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা বিশিষ্ট সমাজকৰ্মী আব্দুল জলিল তালুকদাৰ,অৱসৰপ্ৰাপ্ত শিক্ষক দীপক কুমাৰ সৰকাৰ,কৃষক নেতা জয়নাল আবেদিন , সাংবাদিক মইনুল হক চৌধুৰী আদি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকি পৰামৰ্শ দিয়ে। উক্ত সভাত সকলো ৰাইজৰ সহায় সহযোগিতা উদ্যোক্তা সকলে আন্তৰিকতাৰে কামনা কৰিছে।

Total Page Visits: 12 - Today Page Visits: 1