জামুগুৰিহাটত প্ৰবীন নাট্যশিল্পী বলদেৱ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন জে বি প্ৰডাকচনৰ 

3
230
জামুগুৰিহাটত প্ৰবীন নাট্যশিল্পী বলদেৱ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন জে বি প্ৰডাকচনৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৫ অক্টোবৰঃ অসমৰ কলা সংস্কৃতি জগতৰ অন্যতম অনুস্থান জে বি প্ৰডাকচনে যোৱা ১১ অক্টোবৰ তাৰিখে এবছৰ সম্পূৰ্ণ কৰিলে ৷ জে বি প্ৰডাকচনে এই বৰ্ষপূতি উপলক্ষে অসমৰ ৩৩ খন জিলাৰ সাংস্কৃতিক জগতৰ লগত জড়িত শিল্পী আৰু কলা-কুশলীক সম্বৰ্দ্ধনা জনোৱাৰ বাবে এলানি কাৰ্যসূচী হাতত লৈ অনুস্থানটোৱে যোৱা ১১ অক্টোবৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী শিল্পী আৰু কলা- কুশলীক সম্বৰ্ধনা জনোৱাৰ পাচত  সেই উদ্দেশ্যে বুধবাৰে বিয়লি জে বি প্ৰডাকচনৰ শিল্পী সকল জামুগুৰিহাটত অসমৰ ভ্ৰাম্যমান নাট্যজগতৰ এসময়ৰ বলিষ্ঠ অভিনেতা, নাট্যকাৰ বলদেৱ শইকীয়াৰ বাসগৃহত আহি উপস্থিত হয় ৷ জে বি প্ৰডাকচনৰ হৈ জনপ্ৰিয় অভিনেতা যতিন বৰাৰ লগতে তেওৰ পত্নী সহ আন কেইবাগৰাকী ছবি আৰু অসমীয়া ধাৰাবাহিকৰ লগত জড়িত শিল্পী আহি উপস্থিত হৈ বৰ্তমান শয্যাগত প্ৰবীন নাট্যশিল্পী বলদেৱ শইকীয়াক মানপত্ৰ, জাপি, শৰাই গামোচা আৰু মাননিৰে সম্বৰ্ধনা জনায় ৷ উল্লেখ্য যে ,নাট্যশিল্পী বলদেৱ শইকীয়াৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাৱৰ বাসগৃহত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here