জেলেহুৱা গাঁও অগ্ৰগামী যুৱ সমাজ, মহিলা সমিতি আৰু জোনাকী মইনা পাৰিজাতৰ যৌথ দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন 

56
জেলেহুৱা গাঁও অগ্ৰগামী যুৱ সমাজ, মহিলা সমিতি আৰু জোনাকী মইনা পাৰিজাতৰ যৌথ দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ৩০ জানুৱাৰীঃ দেৰগাঁৱৰ জেলেহুৱা গাঁও অগ্ৰগামী যুৱ সমাজ , জোনাকী মইনা পাৰিজাত আৰু জেলেহুৱা গাঁও মহিলা সমিতিয়ে যৌথ ভাৱে জেলেহুৱা গাঁও নাট্যমন্দিৰৰ প্ৰাংগণত ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে দ্বি বাৰ্ষিক অধিৱেশন খনি অনুষ্ঠিত কৰে । এই উপলক্ষে প্ৰথম দিনা পুৱা পৰিবেশ নিকাকৰণ , বৃক্ষ ৰোপণৰ পাছতেই পতাকা উত্তোলন কৰে অগ্ৰগামী যুৱ সমাজৰ সভাপতি ঋতুৰাজ বৰাই । ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিনু খাটনিয়াৰ বৰা আৰু জোনাকী মইনা পাৰিজাতৰ সভাপতি ব্ৰজেন কুমাৰ দত্তই অংশগ্ৰহণ কৰা অনুষ্ঠানটিত স্মৃতি তৰ্পন কৰে অগ্ৰগামী যুৱ সমাজৰ ক্ৰীড়া সম্পাদক দুৰ্লভ বৰাই । ইয়াৰ পাছতেই ছাত্ৰ ছাত্ৰী সকলৰ মাজত তিনিটা শাখাত কবিতা আবৃত্তি , আকস্মিক বক্তৃতা , স্মৃতি পৰীক্ষা , চিত্ৰাংকণ প্ৰতিযোগিতাা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় । সন্ধ্যালৈ অনুষ্ঠিত কৰা প্ৰয়াত অজিত কুমাৰ হাজৰিকা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে প্ৰয়াত অজিত কুমাৰ হাজৰিকাৰ সহধৰ্মিনী আৰতী হাজৰিকাই । জেলেহুৱা গাঁও মহিলা সমিতিৰ সদস্য সকলে পৰিবেশন কৰা এটি কোৰাছেৰে আৰম্ভণি কৰা আৰু কণ কণ মইনা সকলে বিহু পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠানটিত জোনাকী মইনা পাৰিজাতৰ মইনা সকলে নাট্যকাৰ গোপাল বৰাৰ ৰছনা আৰু পৰিচালনাৰে পৰিবেশন কৰে একাংকিকা নাটক “আখৰা” । ইয়াৰ পাছতেই ক্ৰমে জেলেহুৱা গাঁৱৰ মহিলা সকলে স্বাগত বৰা আৰু প্ৰহেলিকা শইকীয়াৰ ৰচনা , প্ৰনৱ বৰাৰ পৰিচালনাৰে এটি মাথো প্ৰয়াস আৰু গোপাল বৰাৰ ৰচনা পৰিচালনাৰে গাঁৱৰ জ্যেষ্ঠ সকলে পৰিবেশন কৰে নাটক “টেঙা”। তিনিওখন নাটকেই বৰ্তমান সমাজখনৰ ওপৰত বিশেষ বাৰ্তা  দিয়াৰ লগতে অভিনয় শিল্পী সকলে উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হয় । দ্বিতীয় দিনা অনুষ্ঠিত কৰা মুকলি সভাৰ সভাপতিত্ব কৰে অগ্ৰগামী যুৱ সমাজৰ প্ৰাক্তন সভাপতি অজিত বৰুৱাই । জেলেহুৱা গাঁও পৰিচালনা সমিতিৰ সভাপতি গোপাল চন্দ্ৰ বৰাই উদ্বোধন কৰা সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে জোনাকী মইনা পাৰিজাতৰ মইনা কংকিতা বৰা , যুৱ বক্তা বিশ্বজিত শইকীয়া , মহিলা বক্তা বয়োজেষ্ঠ মহিলা পুণ্যপ্ৰভা বৰা আৰু বিশিষ্ট অতিথি হিচাপে সাংবাদিক কুমুদ বৰাই অংশগ্ৰহণ কৰে । ৰাতিলৈ জেলেহুৱা গাঁও গাণিকা দলে পৰিচালনা কৰা আৰু অগ্ৰগামী যুৱ সমাজৰ শিল্পীবৃন্দৰ দ্বাৰা “বামন অৱতাৰ” নামৰ ভাওনা প্ৰদৰ্শনৰে কাৰ্যসূচীৰ সামৰণি পৰে ।
Total Page Visits: 11 - Today Page Visits: 2