ঝৰ্ণা মহন্ত শইকীয়াক শ্ৰেষ্ঠ শিক্ষয়িত্ৰীৰ বঁটা প্ৰদান

59

ঝৰ্ণা মহন্ত শইকীয়াক শ্ৰেষ্ঠ শিক্ষয়িত্ৰীৰ বঁটা প্ৰদান
দুৰ্নীতিৰ দৰ্পণ সেৱা ,ডিগবৈ , ২৮ জানুৱাৰীঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বাপাপুং পানবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ঝৰ্ণা মহন্ত শইকীয়াক মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসত মাৰ্ঘেৰিটা মহকুমাৰ ভিতৰত শ্ৰেষ্ঠ শিক্ষয়িত্ৰী বঁটা প্ৰদান কৰে ৷ ঝৰ্ণা মহন্ত শইকীয়া ডিগবৈৰ শিক্ষাবিদ অনিল চন্দ্ৰ শইকীয়াৰ বোৱাৰী আৰু ব্যৱসায়ী সুদীপ্ত শইকীয়া পত্নী ৷ শিক্ষয়িত্ৰী ঝৰ্ণা মহন্ত শইকীয়াৰ সুখ্যাতিত ডিগবৈ চহৰৰ শিক্ষাৰ লগত জড়িত সমাজ সচেতন লোকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ডিগবৈ বাপাপুং পাণবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক গোটৰ মাজত আনন্দৰ জোৱাৰ উঠিছে ৷

Total Page Visits: 15 - Today Page Visits: 1