টি এম পি কেৰ উত্তাল প্ৰতিবাদ , লাইকা-দধিয়াবাসী আৰু আৰক্ষীৰ মাজত হতাহতি
দুৰ্নীতিৰ দৰ্পণ , সন্তোষ ফুকন , তিনিচুকীয়া ,২১ জানুৱাৰীঃ লাইকা-দধিয়াবাসী ৰাইজ তথা TMPK,MMK আৰু TMMK লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন কৰাৰ লগতে ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত কৰাৰ দাবীত বৰগুৰিৰ লেজাইহোলাত চৰকাৰী ভূমিত শিৱিৰ স্থাপন কৰি এটা মাহ ধৰি ধাৰাবাহিক ভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ । লাইকা-দধিয়াবাসী ৰাইজ জানিব দিয়ে লক্ষীমপুৰৰ পাব’ বনাঞ্চলৰ আধাকণা অঞ্চল এক প্ৰচুৰ প্লাৱিত অঞ্চল উক্ত ঠাইত সংস্থাপন কৰা মানে পুণৰ ৰাইজক বিপদৰ গৰাহলৈ থেলি দিয়াৰ দৰে হ’ব। সেয়ে আধাকণা অঞ্চলত লাইকা-দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন হোৱাত সম্পূৰ্ণ আপত্তি জনাইছোঁ । আনহাতে , ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পাহাৰপুত মাৰ্ঘেৰিটাৰ এগৰাকী প্ৰভাৱশালী ব্যৱসায়ীয়ে আজি পঞ্চাশ বছৰ ধৰি চাহ বাগান কৰি ৰাখিছে । তাত সংস্থাপন দিবলৈ হ’লে প্ৰথমে উক্ত স্থানসমূহ সম্পূৰ্ণ বেদখলমুক্ত কৰক । আনহাতে , নামফাই বনাঞ্চলত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালে সংস্থাপিত হৈ আছে । উক্ত ভূমিহীন পৰিয়ালসকলক উচ্ছেদ কৰি লাইকা-দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন দিয়াৰ আমি পক্ষপাতী নহয় । তাৰ পৰিৱৰ্তে ডিগবৈ বন সংমণ্ডল বিষয়াৰ প্ৰস্থাৱিত ঔগুৰী নতুবা মামৰণি অঞ্চলৰ পতিত ভূমিত লাইকা-দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপনৰ বাবে আমি স্পষ্ট ভাৱে দাবী জনাইছিল আৰু এই বিষয়টো যোৱা ১৫ জানুৱাৰীৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ লগতে ২০ জানুৱাৰীৰ ভিতৰত পুণৰ সংস্থাপন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু গণতন্ত্ৰৰ প্ৰতি বিশ্বাসী প্ৰতিবাদকাৰী ৰাইজে কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’ল । সেয়ে আজি ধৰ্ণা কাৰ্যসূচীৰ যোগেদি নিম্নোল্লিখিত দাবীসমূহ শীঘ্ৰে সমাধান কৰিবলৈ পুণৰ বাৰ আপোনাৰ ওচৰত দাবী জনাই মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখিত দাবী সমুহ (১) লাইকা আৰু দধিয়া বনগাঁৱৰ ৰাইজক অতি শীঘ্ৰে উপযুক্ত স্থানত নিৰাপত্তাৰ মাজেৰে পুনৰ সংস্থাপন কৰা । (২) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক এক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান ৰূপে গঢ়ি তোলা । (৩) ডিগবৈ বন সংমণ্ডল বিষয়া তথা তিনিচুকীয়া জিলা উপায়ুক্তৰ যোগেদি প্ৰস্থাৱিত ঔগুৰী আৰু মামৰণি অঞ্চলত লাইকা-দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন। লগতে উপৰোক্ত দাবী সমূহ অহা ৩১ জানুৱাৰীৰ ভিতৰত নিশ্চিত ভাৱে সমাধান দিবলৈ অনুৰোধ জনায় । অন্যথা , ৰাইজৰ মাজত বিশৃংখলতাৰ সৃষ্টি হ’লে চৰকাৰ প্ৰশাসনেই দায়ী হ’ব জানিব দিয়ে । বিগত এমাহ ধৰি আজি লৈকে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নিদিয়াৰ বাবে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আজি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কায্যালয়ৰ সন্মুখত শতাধিক লাইকা-দধিয়াবাসীক প্ৰতাৰণা কৰাৰ অভিযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু আৰক্ষীৰ মাজত হতাহতি হোৱা পৰিলক্ষিত হয় ।