ডবকাত ১৩০০ লিটাৰ চোৰাং কেৰাচিন জব্দ

39

ডবকাত ১৩০০ লিটাৰ চোৰাং কেৰাচিন জব্দ

জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ১২ ফেব্ৰুৱাৰীঃ ডবকাত জব্দ কৰা হৈছে ১৩ শ লিটাৰ চোৰাং কেৰাচিন ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ডবকা ৰাজহ চক্ৰ বিষয়া ডা: টিংকুমনি বৰাই ডবকাৰ সুতাৰগাঁৱৰ এটি পৰিতক্ত গোদাম ঘৰত অভিযান চলাই উদ্ধাৰ কৰে এই বৃহৎ পৰিমানৰ চোৰাং কেৰাচিনখিনি ৷ পিচত যোগান পৰিদৰ্শক মনোজ বৰাই জব্দ কৰি বিভাগীয় এজেণ্ট আনোৱাৰ হুছেইনৰ জিম্মাত ৰাখিছে কেৰাচিনখিনি ৷ জব্দকৃত সাত ড্ৰাম কেৰাচিনৰ লগতে প্ৰায় ২০ টাৰো অধিক কেৰাচিনৰ খালি ড্ৰাম জব্দ কৰা হয় ৷ উল্লেখ্য দীৰ্ঘদিনধৰি ডবকা অঞ্চলত চোৰাং কেৰাচিনৰ ৰমৰমীয়া বেহা অব্যাহত আছে ৷ জানিব পৰা মতে কিছুদিন পূৰ্বে ডবকাৰ হালধিআটিৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰাও বৃহৎ পৰিমানৰ চোৰাং কেৰাচিন জব্দ কৰিছিল যোগান বিভাগে ৷ উত্তম শীল, অমৰ, হানিফ উদ্দিন, কমল, আৰু ইছমাইল আলী নামৰ লোককেইজনে এনেদৰে ডবকাত চৰকাৰী কেৰাচিনৰ চোৰাং বেহা অব্যাহত ৰাখিছে ৷ কেৰাচিনৰ এই চোৰাং ব্যৱসায়ীসকলে ডিজেলত কেৰাচিন মিহলাই ডিজেল হিচাপে বিক্ৰী কৰি আহিছে দীৰ্ঘদিনৰ পৰাই ৷ হোজাই জিলাৰ কেবাজনো কেৰাচিনৰ ডিলাৰ এই চক্ৰটোৰ লগত জড়িত বুলি অভিযোগ উঠিছে ৷

Total Page Visits: 17 - Today Page Visits: 1