ডবকাৰ এআইইউডিএফৰ মুখ্য কাৰ্যালয়ত তলা লগাই প্ৰতিবাদ ছাত্ৰ সমাজৰ

48

ডবকাৰ এআইইউডিএফৰ মুখ্য কাৰ্যালয়ত তলা লগাই প্ৰতিবাদ ছাত্ৰ সমাজৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা, হবিবুৰ ৰহমান আৰু কমৰুল খান , ১৯ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ ডবকাস্থিত যমুনামুখ সমষ্টিৰ এআইইউডিএফৰ মুখ্য কাৰ্যালয়ত বিধায়ক আব্দুৰ ৰহিম আজমলৰ নমিনী মোহাম্মদ আলীয়ে ক্ষমা বিচৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে । উল্লেখ্য যে , বৃহস্পতিবাৰে সাংসদ মৌলানা বদৰ উদ্দিন আজমলৰ ভাতৃ সিৰাজ উদ্দিন আজমল ডবকাস্থিত এআইইউডিএফৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হৈছিল । সেই সময়তে ডবকা হাজী আনফৰ আলী কলেজৰ একাংশ ছাত্ৰই সিৰাজ উদ্দিন আজমলৰ ওচৰত ছাত্ৰ-ছাত্ৰীৰ জলপানী ধনত অনিয়ম সংগঠিত হোৱাৰ অভিযোগ লৈ আহিছিল । অভিযোগ উত্থাপন কৰি একাংশ ছাত্ৰই সিৰাজ উদ্দিন আজমলৰ লগত নামাজ পঢ়িবলৈ লয় । সিৰাজ উদ্দিন আজমলৰ সৈতে একেলগে নামাজ পঢ়িবলৈ যোৱা একাংশ ছাত্ৰক শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে মোহাম্মদ আলীৰ বিৰুদ্ধে । লগতে বিধায়কৰ নমিনী মহাম্মদ আলীক দালাল আখ্যা দিছে ডবকাৰ ছাত্ৰ সমাজে ৷ বৃহস্পতিবাৰৰ ঘটনাক মীমাংশা কৰি দিবলৈ এআইইউডিএফৰ নেতা সকলে ২৪ ঘন্টাৰ সময় লৈছিল ৷ যদিও সময়সীমা উভতি যোৱাৰ ছাত্ৰ সকলে এআইইউডিএফৰ কাৰ্যালয়ত তলা মাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয় ৷ ছাত্ৰ সকলক শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগত ন্যায় বিচাৰি প্ৰতিবাদ ডবকা হাজী আনফৰ আলী কলেজৰ একাংশ ছাত্ৰ গোটৰ । ন্যায় বিচাৰি প্ৰতিবাদ কৰা একাংশ ছাত্ৰই ন্যায় নাপালে অনাগত দিনত গণতান্ত্ৰিক ভাৱে ইয়াতকৈ আৰু ভয়াবহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে ডবকাৰ ছাত্ৰ সমাজে । এআইইউডিএফৰ কাৰ্যালয়ত এনে ঘটনা সংগঠিত হোৱাৰ পিছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ছাত্ৰ সমাজক এনেকুৱা শাৰিৰীক ভাৱে দুৰ্ব্যৱহাৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে হোজাইৰ বিভিন্ন দল-সংগঠনৰ লগতে বিশিষ্ট সমাজ সেৱক আল হাচিব , ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদিকা দিলুৱাৰা চৌধুৰী , ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সদস্য নজমুল আলম লস্কৰ , অসম গণ পৰিষদ দলৰ হোজাই জিলা সভাপতি ৰেজাউল কৰিম চৌধুৰীৰ লগতে ছাত্ৰ সংগঠনে ৷

Total Page Visits: 14 - Today Page Visits: 1