ডবকা ৰাজীৱ ভৱনত কংগ্ৰেছৰ বুথ কৰ্মী সন্মিলন
দুৰ্নীতিৰ দৰ্পণ সেৱা , আছাদুৰ ৰহমান , কমৰুল খান আৰু হবিবুৰ ৰহমানৰ প্ৰতিবেদন , ১৭ অক্টোবৰঃ শুক্রবাৰে যমুনামুখ সমষ্টিৰ বিন্নাকান্দী ব্লক কংগ্ৰেছৰ উদ্যোগত বুথ কৰ্মী সন্মিলন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ লগতে যমুনামুখ সমষ্টিৰ কেইবা শতাধিক কংগ্ৰেছ নেতা কৰ্মী সকল । কাৰ্য্যসূচীত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ইতিকিং কৰি বহু সমালোচনা কৰে । বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰাৰ লগতে পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতিৰ ভিডিঅ ৰেকৰ্ড ৰাজহুৱা কৰে । লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মন্তব্য কৰে যে , কংগ্ৰেছৰ লগত এ আই ইউ ডি এফৰ কোনো ধৰণৰ মিত্ৰতা এতিয়ালৈকে চুড়ান্ত হোৱা নাই বুলি কয় । একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱা এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাৰ কথাক নস্যাৎ কৰিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । লগতে এই কথাও স্পষ্ট কৰ যে , হোজাইৰ জিলাৰ যমুনামুখ , হোজাই আৰু লামডিং তিনিও খন সমষ্টিতে দিয়া হব কংগ্ৰেছৰ প্ৰাৰ্থীত্ব ।