ডিব্ৰুগড় জিলাত ৭২ সংখ্যক গণৰাজ্য দিৱস অতি উলহ মালহৰে উদযাপন

48

ডিব্ৰুগড় জিলাত ৭২ সংখ্যক গণৰাজ্য দিৱস অতি উলহ মালহৰে উদযাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা,বৰবৰুৱা , ২৭ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে মুখ্য অতিথিৰূপে উপস্থিত থকা মন্ত্ৰীয়ে ডিব্ৰুগড় জিলাবাসীক উদ্দেশ্যি বক্তব্য ৰাখে ৷ পিছত তেওঁ আজি কুচকাৱাজত অংশগ্ৰহণকাৰী ১৩ টা পেছাগত আৰু অপেছাগত দলৰ অভিবাদন গ্ৰহণ কৰে ৷ কালিৰ অনুষ্ঠানত ১১ টা চৰকাৰী বিভাগ ক্ৰমে স্বাস্থ্য,জনস্বাস্থ্য কাৰিকৰী,ডিব্ৰুগড় পৌৰসভা, শিক্ষা,নিৰ্বাচনী শাখা,কৃষি,সমাজ কল্যাণ,জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ,বন বিভাগ,পৰিবহণ,মীন বিভাগে প্ৰতীকপটৰ জৰিয়তে তেওঁলোকৰ বিভাগত চলি থকা কাম কাজৰ এক আভাসো দাঙি ধৰাৰ লগতে ইণ্ডিগ’এয়াৰৱেজে তেওঁলোকৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত হাতত লোৱা কামৰ ব্যাখ্যা আগবঢ়ায় ৷ উল্লেখ্য যে ,কালি শ্বহীদ তৰ্পণৰে আৰম্ভ হোৱা কাৰ্যসূচীত বিভিন্ন খণ্ডত উল্লেখনীয় বৰঙণি আগবঢ়াই অহা ৪৪ জন লোকক ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ৷ যাৰ ভিতৰত সামাজিক ক্ষেত্ৰলৈ থকা বৰঙণিৰ বাবে নিৰঞ্জন বাগাৰীয়া , শৰত জ্যোতি চাৰিঙীয়া ফুকন আৰু সাহসিকতাৰে এগৰাকী কিশোৰীৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে শিৱ কন্দক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ কািলৰ অনুষ্ঠানত বিগত সময়চোৱাত সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত হৈ সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসমীয়া প্ৰতিদিন কাকতৰ ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক প্ৰবীৰ চক্ৰৱৰ্তী, ডি ওৱাই ৩৬৫ ৰ ডিব্ৰুগড়ৰ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই আৰু অসমীয়া প্ৰতিদিন কাকতৰ নাহৰকটীয়াৰ সাংবাদিক বুলন শইকীয়াক ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত ১ জন কৃতী শিক্ষক,৪ গৰাকী শিশু বিজ্ঞানী, ৮ খন স্বচ্ছ বিদ্যালয়,এচ বি আইৰ মৰাণ শাখা,৩ জন গাঁও ৰক্ষী বাহিনীৰ সদস্য,১ জন মৌজাদাৰ,১ গৰাকী মহিলা উদ্যোগী,৭ গৰাকী আশা কৰ্মী,৪ গৰাকী ক্ৰীড়াবিদ,দুটা ক্ৰীড়াদলক তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট সেৱা,প্ৰদৰ্শনৰ বাবে সন্মানিত কৰা হয় ৷ কালিৰ অনুষ্ঠানত,২ জন মুগা-এৰীপালক,৩ জন কৃষক আৰু ১ জন পশুপালকক তেওঁলোকৰ নিজ কষ্টৰে অৰ্জন কৰা সফলতাৰ বাবে প্ৰশংসা পত্ৰ আগবঢ়োৱা হয় ৷ কালিৰ অনুষ্ঠানত ছটা সাংস্কৃতিক দলেও গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি দেশপ্ৰেমমূলক নৃত্য গীত পৰিবেশন কৰে ৷ কালিৰ অনুষ্ঠানত গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ৷ কালি অনুষ্ঠানত ডিব্ৰুগড় আৰু টিংখঙ সমষ্টিৰ মাননীয় বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন বিমল বৰা,ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা,আৰক্ষী অধীক্ষক প্ৰতীক থুবেৰ লগতে আন কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Total Page Visits: 7 - Today Page Visits: 1