ডিব্ৰুগড়ত কালাৰ বেল্টৰ প্ৰশিক্ষণ প্ৰদান

41

ডিব্ৰুগড়ত কালাৰ বেল্টৰ প্ৰশিক্ষণ প্ৰদান
দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় ২১ ফেব্ৰুৱাৰী : চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত তথা আছিহাৰা কাৰাটে স্কুল অসম ডিব্ৰুগড় শাখাৰ সহযোগত আজি ডিব্ৰুগড়ৰ মাইজান চাহ বাগিছাৰ ৰাজহুৱা খেলপথাৰত কাৰাটে কালাৰ বেল্ট পৰীক্ষা সম্পন্ন হৈ যায় । অঞ্চলটোৰ মুঠ ৩০ গৰাকী পৰিক্ষাৰ্থীক কাৰাটে গ্ৰেডিং বেল্ট প্ৰদান কৰা হয় । এই উপলক্ষে অনুষ্ঠিত হোৱাৰ অনুষ্ঠানত অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ অতিৰিক্ত সম্পাদক অমিত চাবাচী, আছিহাৰা কাৰাটে স্কুল অৱ আসামৰ টেকনিকেল ডাইৰেক্টৰ হেমন্ত বৰঠাকুৰ, প্ৰশিক্ষক ৰাজু দাস, অনিল ওৰাং,জাপান ভূঞা,জোন তালুকদাৰ, সাধাৰণ সম্পাদক সুশান্ত দাস, শিক্ষক সুবেশ তান্টি, ৰাজকিশোৰ ওৰাং, বন্দনা বৰবৰুৱাকে ধৰি যথেষ্ট সংখ্যক গন্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । আত্মৰক্ষাৰ আৰু সমৰ কলাৰ কৌশল প্ৰাপ্তিৰ বাবে এই কাৰাটে প্ৰশিক্ষণ প্ৰদান কৰা হয বুলি প্ৰকাশ কৰে ।

Total Page Visits: 67 - Today Page Visits: 16