ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলাৰ শুভাৰম্ভ

46

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলাৰ শুভাৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰবৰুৱা , ৮ ফেব্ৰুৱাৰী : অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে । দিনৰ ভাগৰে পৰা প্ৰথমে ডিব্ৰুগড়ত নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে প্ৰথম পৰ্যায়ত ৩ কোটি টকাৰে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে ৷ ইযাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে ১.১৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হৈ উঠা ডিব্ৰুগড় পূব ৰাজহ চক্ৰ বিষয়াৰ নতুন কাৰ্যালয় ভৱনটিৰ শুভ উদ্বোধনী কৰি লোক নিৰ্মাণ বিভাগৰ উদ্যোগত ৫.৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ উঠা গ্ৰাম্য পথ কাৰ্যতন্ত্ৰ ব্যৱস্থাপনা গোটৰ শুভ উদ্বোধন কৰে ৷  উল্লেখ্য যে , লোক নিৰ্মাণ বিভাগৰ তত্বাবধানত নিৰ্মিত গ্ৰাম্য পথসমূহৰ নিয়মীয়া চোৱা-চিতা, মেৰামতিৰ বাবে সুনিৰ্দিষ্ট নীতি নিৰ্ধাৰণৰ লক্ষ্যৰে এই গ্ৰাম্য পথ কাৰ্যতন্ত্ৰ ব্যৱস্থাপনা গোটৰ শুভ উদ্বোধন কৰি লগে লগে ডিব্ৰুগড়ৰ ফুলবাগানস্থিত ইণ্ডিয়া ক্লাবৰ সমীপত ২০২০-২১ বৰ্ষৰ আনটাইড ফাণ্ডৰ পুঁজিৰে প্ৰয়াত প্ৰফেছৰ এমেৰিটাছ অমৰেশ দত্ত আৰু প্ৰয়াত ডঃ ফণীন্দ্ৰ নাথ ঘোষৰ স্মৃতিত এখনি উদ্যান উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰি ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাৱৰ সমীপত পঞ্চদশ বিত্তীয় আয়োগৰ বিশ লাখ টকা পুঁজিৰে নিৰ্মাণ হ’বলগীয়া এক প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰে । ইয়াৰ পাছত লগে লগে ডিব্ৰুগড়ৰ খনিকৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত ১৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ডিব্ৰুগড় জিলাৰ বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একেটা অনুষ্ঠানতে জিলাখনৰ ৪৭১ গৰাকী ২৭৭৪ বিঘা ভূমিৰ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ ভূমি আবণ্টন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সাতটা ৰাজহ চক্ৰৰ দুজনকৈ অৰ্থাৎ মুঠ চৈধ্যগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক ভূমি আবণ্টন পত্ৰ নিজ হাতে বিতৰণ কৰে ৷ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহন, লক্ষিমপুৰ সাংসদ প্ৰদান বৰুৱা, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, টিংখং সমষ্টিৰ বিধায়ক বিমল বৰা, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক নৰেন সোনোৱাল, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী,জিলা পৰিষদৰ উপ সভানেত্ৰী পুষ্পাঞ্জলী সোনোৱালৰ লগতে কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকে ।

Total Page Visits: 16 - Today Page Visits: 1