ডিব্ৰুগড়ৰ প্ৰেছক্লাৱে জিলা তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষনা মিথি কছাৰীক আনুষ্ঠানিক বিদায় সম্ভাষণ

19

ডিব্ৰুগড়ৰ প্ৰেছক্লাৱে জিলা তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষনা মিথি কছাৰীক আনুষ্ঠানিক বিদায় সম্ভাষণ

দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় , ১৭ ফেব্ৰুৱাৰী : চৰকাৰী কৰ্মসূত্ৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বদলিকৰন হোৱাৰ ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ সুলক্ষনা মিথি কছাৰীক আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষন জনাই । আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা, সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, সাংবাদিক ক্ৰমে- মুক্তামণি হাজৰিকা, সন্তুষ্ট যাদব, বাচু দেব নাথ, হিৰণ্য কৌশিক বৰুৱা, স্বৰূপ দত্ত,ৰ লগতে ক্লাৱৰ বিষয়ববীয়া সকল উপস্থিত হৈ জনসংযোগ বিষয়াগৰাকীক ফুলাম গামোচা, জাপি, আৰু মানপত্ৰৰে বিশেষ সম্বৰ্ধনা জনায় । সাংবাদিক যাদৱ গগৈয়ে আঁতধৰা অনুষ্ঠানত অসম জাতীয়তাবাদী যুব পৰিষদৰ সম্পাদক উদযন কুমাৰ গগৈ উপস্থিত থাকে ।

Total Page Visits: 15 - Today Page Visits: 3