ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত একেদিনাই পাঁচ কোটি টকাৰ আঠটাকৈ পথ পকীকৰণৰ আধাৰশিলা কৰে বিধায়ক ঋতুপৰ্ণ বৰুৱাই
দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় , ২০ ফেব্ৰুৱাৰী : ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনী দিন যিমানেই চমু চাপিছে সিমানেই বিজেপি দলৰ দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়ক ব্যস্ত এতিয়া প্ৰতিশ্ৰুতি প্ৰদান আৰু আধাৰশিলা ৰাজনীতিত । ডিব্ৰুগড়ৰ লাহোৱালৰ যুৱ বিধায়ক ঋতুপৰ্ণ বৰুৱাই আজি একেদিনাই পৃথকে পৃথকে আঠটাকৈ গুৰুত্বপূৰ্ণ পথ পকীকৰণৰ আধাৰশিলা স্থাপন কৰে। PMGSY আচনিৰ অধীনত ডিব্ৰুগড় বৈৰাগীমঠ-বাণীপুৰ ষ্টেচন হৈ হাটীমুৰা-মানকটা সংযোগী এটা অতি ব্যস্ততম প্ৰায় দুই কোটি টকাৰ এটা পথ আধাৰশিলা কৰাৰ লগতে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা SOPD- 20/21 আচনিৰ অধীনত মানকটা টেপৰগাওৰ জ্যোতিপথ সহ প্ৰায় তিনি কোটি টকাৰ মুঠ সাতটা পথৰ আধাৰশিলা স্থাপন কৰে। সাংবাদিক ৰাতুল বুঢ়াগোহাঁইয়ে আত ধৰা আধাৰশিলা অনুষ্ঠানত বিধায়ক গৰাকীয়ে “জ্যোতিপথ”ৰ আধাৰশিলা স্থাপন কৰি শেহতীয়াকৈ যোগাযোগ তথা যাতায়তৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ লগতে লাহোৱাল সমষ্টিত কেইবাটাও মেগা প্ৰকল্পৰ কাম অব্যাহত থকা বুলি কয়।এটা অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰথম যাতায়ত উন্নয়ন হব লাগিব বুলি কৈ যুগ যুগ ধৰি পথ যাতায়তৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলাৰ ভিতৰত অন্যতম পিছপৰা লাহোৱাল সমষ্টিত প্ৰায় সংখ্যক পথ এতিয়া পকীকৰণ হৈ উঠা বুলি মন্তব্য কৰে।আধাৰশিলা স্থাপন অনুষ্ঠানত ডিব্ৰুগড় জিলা পৰিষদৰ উপ সভানেত্ৰী পুষ্পাঞ্জলী সোনোৱাল, চিৰিং ডাইনীজান গাওঁ পঞ্চায়তৰ সভাপতি মনোজ সোনোৱাল, উপ সভানেত্ৰী বৰ্ণালী সোনোৱাল,স্থানীয় সমাজসেৱক ৰাহুল দেৱ সোনোৱাল,গড়কপ্তানি বিভাগৰ অভিযন্তা বিনোদ ফুকনকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।
ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত একেদিনাই পাঁচ কোটি টকাৰ আঠটাকৈ পথ পকীকৰণৰ আধাৰশিলা বিধায়ক ঋতুপৰ্ণ বৰুৱাই
Total Page Visits: 13 - Today Page Visits: 2