ডিব্ৰুগড়ৰ শ্ৰমিক সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শ্ৰমিকসকলক বহু অভিলাষী আঁচনি দ্বাৰা সাহাৰ্য্য প্ৰদান
দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় , ২০ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ অধীনস্থ অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত আয়োজিত শ্ৰমিক সমাৰোহত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ ২১,৫৬২ গৰাকী পঞ্জীয়নকৃত নিৰ্মাণ শ্ৰমিক আৰু শ্ৰমিকৰ ল’ৰা-ছোৱালীক প্ৰায় ৯.৯৭ কোটি টকাৰ সাহাৰ্য্য অনুদান প্ৰদান কৰে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমাৰোহত নিৰ্মাণ শ্ৰমিকসকলক মুখ্যমন্ত্ৰীয়ে বিভিন্ন আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে চাহ বাগিচাৰ ২৭০২ গৰাকী চৰ্দাৰক স্মাৰ্ট ফোন, ৩০৩৯ জন চাহ বাগিচাৰ লাইন চকীদাৰক চাইকেল প্ৰদান কৰাৰ লগতে চাইমন সিং হ’ৰ’ বিশেষ শিক্ষাবৃত্তিৰ অধীনত ২০২০ চনত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ৩২৬১ গৰাকী চাহ জনজাতি তথা প্ৰাক্তন চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীক প্ৰৱেশিকোত্তৰ জলপানি প্ৰদান কাৰ্যসূচীৰো আনুষ্ঠানিক শুভাৰম্ভ কৰে ৷ আজিৰ এই সভাত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু চাহ জনজাতি উন্নয়ন বিভাগৰ মাননীয় ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী সঞ্জয় কিষাণেও ভাষণ প্ৰদান কৰে ৷ আনহাতে অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহন, জিলাখনৰ বিধায়কসকল ক্ৰমে ঋতুপৰ্ণ বৰুৱা, চক্ৰধৰ গগৈ, তেৰচ গোৱালা, প্ৰশান্ত ফুকন, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপু ৰঞ্জন মাক্ৰাৰী, উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।
ডিব্ৰুগড়ৰ শ্ৰমিক সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শ্ৰমিকসকলক বহু অভিলাষী আঁচনি দ্বাৰা সাহাৰ্য্য প্ৰদান
Total Page Visits: 23 - Today Page Visits: 2