ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত পথ সুৰক্ষাৰ সজাগতা সভা

45

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত পথ সুৰক্ষাৰ সজাগতা সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা,বৰবৰুৱা , ২৭ জানুৱাৰীঃ ডিব্ৰুগড়ৰ জিলাৰ লোক নিৰ্মাণ বিভাগৰ লাহোৱাল, ডিব্ৰুগড়,মৰাণ আৰু টিংখং ক্ষেত্ৰীয পথ সংমণ্ডলৰ অধীনত ডিব্ৰুগড়ৰ চহৰৰ মাজ মজিয়াৰ লগতে গ্ৰাম্য অঞ্চলৰ বিভিন্ন প্ৰান্তত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মাহজোৰা সজাগতা সভাৰ সামৰণি অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত খনিকৰ চাৰিআলিত অনুষ্ঠিত সভাত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে সকলো ৰাইজৰ লগতে গাড়ীচালক সকলক আহ্বান জনাই কয যে-নিজৰ লগতে আনকো বিপদমুক্ত কৰি ৰাখিবলৈ গাড়ীচালক সকলে যান-বাহন আইনত সন্নিৱিষ্ট পথৰ নিযম নীতি মানি চলিবলৈ আহ্বান জনায় । সভাত লোক নিৰ্মাণ বিভাগৰ হৈ অতিৰিক্ত মুখ্য অভিযন্তা সঞ্জীৱ লাহন ,অধীক্ষক কাৰ্যবাহী অভিযন্তা বিকাশ পাংগী , সহকাৰী অভিযন্তা-হেমন্ত দাস বাগৰি,বৰষা বৰুৱা, হিমাদ্ৰী বৰুৱা,বিশ্বজিৎ বৰুৱা,ঠিকদাৰ মিতালী ওজা,সহাযক ক্ৰমে-ৰঞ্জন গগৈ,নিতু গগৈ,ভূপেন দত্তৰ লগতে বিভাগৰ বিষয়া সকল উপস্থিত থকাৰ লগতে পথৰ উপৰে অহা যোৱা কৰা পথৰ যাত্ৰী সকলৰ চাইকেল,ইছকোটি,মটৰ চাইকেল,গাড়ী আদিত দুৰ্ঘটনাৰ পৰা নিজৰ লগতে আনৰ জীৱন বচাবলৈ প্ৰত্যেক খন বাহনত ৰং বিৰঙৰ চিহ্ন (সংকেত) লগোৱাৰ উপৰিও প্ৰচাৰ পত্ৰ বিতৰণ কৰি সজাগ কৰে।

Total Page Visits: 9 - Today Page Visits: 1