ঢেকীয়াজুলিলৈ প্ৰধানমন্ত্ৰী আহিব , প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক’ত কৰিব ৰাজহুৱা সভা ? মন্ত্ৰী হিমন্ত বিশ্বই কৰি গ’ল পৰিদৰ্শন

156

ঢেকীয়াজুলিলৈ প্ৰধানমন্ত্ৰী আহিব , প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক’ত কৰিব ৰাজহুৱা সভা ? মন্ত্ৰী হিমন্ত বিশ্বই কৰি গ’ল পৰিদৰ্শন
দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ১ ফেব্ৰুৱাৰীঃ অহা ৭ ফেব্ৰুৱাৰীত ঢেকীয়াজুলিলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি । ঢেকীয়াজুলিত কি দৰে আদৰিব প্ৰধানমন্ত্ৰী মোডীক ইয়াকেলৈ ব্যস্ত হৈ পৰিছে এতিয়া সকলো ৷ তীব্ৰ গতিত চলিছে এই সভাৰ প্ৰস্তুতি , ঢেকীয়ৰজুলিৰ ভোটপাৰাত এখন বিশাল ধাননী পথাৰক সভস্থলী হিচাপে সজাই পৰাই তোলাৰ চলিছে ব্যাপক প্ৰস্তুতি ৷ পথাৰৰ মাজত নিৰ্মাণ হৈছে পথ ৷ ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালৰ তৎপৰতাত জিলা প্ৰশাসনৰ তৰফৰ পৰা এই যুদ্ধকালীন প্ৰস্তুতি চলিথকাৰ মাজতেই ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী আহিবলগীয়া স্থান আজি পৰিদৰ্শন কৰে ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা । বিজেপি দলৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী বৈয়জয়ন্ত জয়পাণ্ডা,ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল , বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুক লগত লৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী আহিবলগীয়া ঢেকিয়াজুলিৰ ভোটপাৰাত স্থান পৰিদৰ্শন কৰি বিভাগীয় বিষয় ববীয়াক নিৰ্দেশ দিয়ে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ২০২১ৰ ৰাজ্যৰ সাধাৰণ নিৰ্বাচনৰ বাবে ৰণডংকা বজাবলৈ শিৱসাগৰৰ জেৰেঙা পথাৰৰ পিচত দ্বিতীয় বাৰলৈ প্ৰধানমন্ত্ৰী গৰাকী অসমলৈ আহি অহা ৭ ফ্ৰেব্ৰুৱাৰীত চৰাইদেউ আৰু বিশ্বনাথ চাৰিআলিত দুখনকৈ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন আৰু অসম মালা নামেৰে পথ নিৰ্মাণৰ ৫ হাজাৰ কোটি টকাৰ এক আঁচনি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিব বুলি জনায় মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

Total Page Visits: 9 - Today Page Visits: 2