তামাৰহাটৰ জ্বলন্ত সমস্যা সমাধানৰ দাবী , নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত তামাৰহাটত পথ সভা

23

তামাৰহাটৰ জ্বলন্ত সমস্যা সমাধানৰ দাবী , নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত তামাৰহাটত পথ সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰুহুল আমিন সেখ , তামাৰহাট , ১৭ফেব্ৰুৱাৰী : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বৃহত্তৰ তামাৰহাট অঞ্চলৰ কিছুমান জ্বলন্ত সমস্যা সমাধানৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ হাতীধুৰা-তামাৰহাট আঞ্চলিক কমিটিয়ে আজি তামাৰহাটত এক পথ সভা কাৰ্য্যসূচী ৰূপায়ন কৰে ।নিখিল ভাৰত কৃষক সভাৰ হাতীধুৰা- তামাৰহাট আঞ্চলিক কমিটি আৰু চি পি আই(এম)ৰ সদস্য–কৰ্মী সকলে আজি তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট বজাৰত সমবেত হৈ পথ সভা কাৰ্য্যসূচীৰ আৰম্ভ কৰে । পথ সভাৰ আৰম্ভনিতে কোকৰাঝাৰ জিলা চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সন্তোষ গুহই তেওঁৰ ভাষণত কয় যে অসম-বংগ সীমান্তৰে বৈ যোৱা গংগাধৰ নদীৰ গড়াখহনীয়াই বৃহত্তৰ নৈপৰীয়া অঞ্চলৰ লগতে অতি পুৰণি তামাৰহাট বজাৰলৈও ভাবুকি কঢ়িয়াই আনিছে । চি পি আই (এম)ৰ জিলা সম্পাদক গৰাকীয়ে আকৌ ভাষণ প্ৰসংগত কয় যে গংগাধৰ নদীৰ ওপৰত তামাৰহাট-কঠালতলীৰ মাজত এখন দলং নথকাৰ বাবেই তামাৰহাট অঞ্চলৰ ৰাইজ জিলা খনৰ গংগাধৰ নদীৰ সিপাৰৰ ৰাইজৰ লগত ভালদৰে যোগাযোগ কৰিব নোৱাৰে আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ লগত পোন পটীয়াকৈ ব্যাৱসায় -বানিজ্য কৰিব নোৱাৰা অৱস্থা হৈছেগৈ । ইয়াৰ পিছত সমবেত হোৱা কৃষক সভা আৰু চি পি আই (এম)ৰ সদস্য -কৰ্মী সকলে তামাৰহাট থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি পথ সভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে । উল্লেখ্য যে উক্ত দুটা মূল সমস্যাৰ সমাধানৰ বাবে গংগাধৰ নদীৰ দুয়োপাৰে বান্ধ আৰু নদী খনৰ ওপৰত তামাৰহাট–কঠালতলীৰ মাজত এখন দলং নিৰ্মাণ কৰাৰ উপৰিও অঞ্চলটোৰ ৰাইজৰ চিকিৎসাৰ বাবে তামাৰহাটত এখন এশ বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণ ,কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষক আইন বাতিল কৰণকে ধৰি অঞ্চলটোৰ কৃষক আৰু স্থানীয় ৰাইজৰ জ্বলন্ত সমস্যাবোৰ সমাধানৰ দাবীত আজি নিখিল ভাৰত কৃষক সভাৰ হাতীধুৰা –তামাৰহাট আঞ্চলিক কমিটিয়ে উক্ত পথ সভা কাৰ্য্যসূচী ৰূপায়ণ কৰে । উক্ত পথ সভা কাৰ্য্যসূচীৰ কোকৰাঝাৰ জিলা চি পি আই(এম)ৰ সম্পাদক সন্তোষ গুহৰ লগতে ধুবুৰী জিলা চি পি আই (এম)ৰ সদস্য ৰামেশ্বৰ সোনে নেতৃত্ব প্ৰদান কৰে ।

Total Page Visits: 27 - Today Page Visits: 2