দক্ষিণ শালমাৰাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা খেতি ধ্বংস , আটক এজন
দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী,১৩ ফেব্ৰুৱাৰীঃ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত। আজি দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ নেতৃত্বত এটা অভিযান চলাই দক্ষিণ শালমাৰাৰ ধেনাৰখুটি গাৱঁৰ হাফিজুৰ ৰহমানৰ ঘৰৰ পৰা ৫/৬ কেজি গাঞ্জা জব্দ কৰে আৰু তেওৰ ঘৰৰ চোতালৰ পৰা প্ৰায় শতাধিক গাঞ্জাৰ গছ কাটি জ্বলাই দিয়ে ৷ ইফালে ,হাফিজুৰ নামৰ ব্যক্তি জনক আৰক্ষীয়ে আটক কৰিছে ৷ জানিব পৰা মতে, ধৃত হাফিজুৰ ৰহমানে দীৰ্ঘদিনৰ ধৰি আৰক্ষীৰ চকুত ধূলি দি নিজৰ ভেটি মাটিত গাঞ্জাৰ খেতি কৰি চলাই আছিল অবৈধ গাঞ্জাৰ ৰমৰমীয়া বেহা । আজি দক্ষিণ শালমাৰা থানাৰ আৰক্ষী বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ নেতৃত্বত চলা অভিযানত গাঞ্জা জব্দ কৰে আৰু অবৈধ গাঞ্জাৰ খেতি সমূহ কাটি জুই লগাই ধ্বংস কৰি দিয়াৰ লগতে হাফিজুৰ ৰহমানক আটক কৰে। বুলি জানিব পৰা গৈছে ৷
দক্ষিণ শালমাৰাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা খেতি ধ্বংস , আটক এজন
Total Page Visits: 18 - Today Page Visits: 3