দক্ষিণ শালমাৰাৰ আৰক্ষীৰ বৃহৎ সফলতা , দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ আৰক্ষীৰ যৌথ অভিযানত  জব্দ বৃহৎ সংখ্যক নিচাজাতীয় দ্ৰব্য , আটক ২ 

36
দক্ষিণ শালমাৰাৰ আৰক্ষীৰ বৃহৎ সফলতা , দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ আৰক্ষীৰ যৌথ অভিযানত  জব্দ বৃহৎ সংখ্যক নিচাজাতীয় দ্ৰব্য , আটক ২ দুৰ্নীতিৰ দৰ্পণ সেৱা , হাটশিঙিমাৰী , ৪ ফেব্ৰুৱাৰীঃ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষীৰ তিব্ৰ অভিযান ৷ আজি দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ নেতৃত্বত আৰু ফকিৰগঞ্জ আৰক্ষীৰ সহযোগিতাত যৌথ ভাবে অভিযান চলাই ফকিৰগঞ্জ বজাৰৰ এটা পানৰ দোকানৰ পৰা বৃহৎ পৰিমাণ নিচাজাতীয় দ্ৰব্য জব্দ কৰে আৰু এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ একেদিনাই অতুল চন্দ্ৰৰায় প্ৰধানীৰ নেতৃত্বত যোৱা দলটোৱে শালকাটা বজাৰত অভিযান চলাই এটা দোকানৰ পৰা বৃহৎ সংখ্যক নিচাজাতীয় দ্ৰব্য জব্দ কৰে আৰু আন এজন ব্যক্তিক হাতেলোটে ধৰিবলৈ সক্ষম হয়  ৷  আৰক্ষীয়ে জানিব দিয়া মতে, ফকিৰগঞ্জ বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা ব্যক্তি জনৰ নাম হৈছে জাহান উদ্দিন আৰু শালকাটা বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা ব্যক্তিৰ নাম খানবৰ চোৰাংচোৱাৰ খবৰৰ ভিত্তিত আজি শালমাৰা আৰু ফকিৰগঞ্জ আৰক্ষীৰ যৌথ অভিযানত দুয়ো জনকে নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰি থকা সময়ত হাতেলোটে ধৰে পৰা বুলি জানিব পৰা গৈছে ৷  জানিব পৰা মতে ধৃত ব্যক্তি দুয়োজনে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি চলাইছিল নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় আৰু যুৱ সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দি আহিছে ৷আজি আৰক্ষীৰ এনে কাৰ্য্যক প্ৰসংশা কৰিছে সচেতন মহলে ৷ আৰক্ষীয়ে অধিক তথ্যৰ জানিবলৈ বৰ্তমানো জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
Total Page Visits: 15 - Today Page Visits: 1