দেৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা , দেৰগাঁও নগৰৰ মাজ মজিয়াত কুখ্যাত গাঞ্জা বেপাৰী আটক

33

দেৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা , দেৰগাঁও নগৰৰ মাজ মজিয়াত কুখ্যাত গাঞ্জা বেপাৰী আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা; দেৰগাঁও , ৮ ফেব্ৰুৱাৰীঃ আৰক্ষীৰ বিৰুদ্ধে সততে অভিযোগ উঠাৰ সময়ত দেৰগাঁও আৰক্ষীয়ে প্ৰায়েই অপৰাধীক কৰায়ত্ত কৰি সফলতা দেখুৱাই আহিছে । আজি দেৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিৎ গগৈ আৰু চক্ৰ আৰক্ষী আৰক্ষী পৰিদৰ্শক প্ৰশান্ত বৰাৰ নেতৃত্বত দেৰগাঁও আৰক্ষীয়ে নগৰৰ মাজ মজিয়াত এটা কুখ্যাত গাঞ্জা বেপাৰীক আটক কৰিবলৈ সক্ষম হয় । নন্দ মুন্ডা নামৰ ধৃত গাঞ্জা ব্যৱসায়ীটোৱে এটা এয়াৰ বেগত অনা ৪ কিলো ৫০০ গ্ৰাম ওজনৰ গাঞ্জা খিনি তেজপুৰৰ ঢেকীয়াজুলীৰ পৰা আনি দেৰগাঁৱৰ এজন লোকক বিক্ৰী কৰিবলৈ দেৰগাঁও ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত অপেক্ষা কৰি থাকোঁতেই দেৰগাঁও আৰক্ষীয়ে গোপন সূত্ৰত পম খেদি গাঞ্জা সহ কুখ্যাত ব্যৱসায়িটোক আটক কৰে । বৰ্তমান আৰক্ষীৰ তদন্ত চলি আছে । তদন্ত প্ৰক্ৰিয়াৰ অন্তত দেৰগাঁৱৰ কোন গাঞ্জা ব্যৱসায়ীৰ লগত জড়িত সেয়া পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ।

Total Page Visits: 10 - Today Page Visits: 2