নগাও জিলা পৰিবহন বিভাগৰ বটদ্ৰৱাত সজাগতা সভা

34

নগাও জিলা পৰিবহন বিভাগৰ বটদ্ৰৱাত সজাগতা সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা, ইমামুল ইছলাম, ডুমডুমীয়া , ১০ ফেব্ৰুৱাৰীঃ নিজৰ সাঁচতীয়া ধন খৰছ কৰি গাড়ী লৈ এতিয়াৰে পৰা ঘৰৰ পৰা উলাওঁতে সাৱধান হওক। লগতে নিজৰ সন্তানক হাতত বাইক তুলি দিয়াৰ আগতে এশবাৰ ভাৱক । কাৰণ ভাৰত চকাৰে পৰিবহণ আইন খনত ব্যপক পৰিৱৰ্তন আনিছে সেই পৰিৱৰ্তন অনুসৰি যান, বাহন আইনৰ অধীনত জৰিমনাৰ পৰিমাণ আগতকৈ অধিক হাৰত বৃদ্ধি হৈছে । এই আইনখনৰ অধীনৰ, জৰিমনা সমূহ হৈছে । পূৰ্বৰ জৰিমনা, সুৰামত্ত,হৈ গাড়ীচালনা, সকলৰ বাবে,২০০০,আৰু বৰ্তমান জৰিমনা ১০,০০০,টকা, হেলমেট অবিহনে পূৰ্বৰ(তিনি মাহ অনুজ্ঞাপত্ৰ বাতিল)আৰু৩০০,টকা,জৰিমনা , বৰ্তমান১০০০,টকা, আৰু অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলালে পূৰ্বৰ , ৫০০ , টকা , বৰ্তমান ৫০০০ ,টকা আৰু অৰ্হতা অবিহনে গাড়ী চলালে ,পূৰ্বৰ , ৫০০, টকা বৰ্তমান , ৫০০০,টকা, আৰু ছিটবেল্ট অবিহনে গাড়ী চলালে পূৰ্বৰ ৫০০টকাৰ বিপৰীতে বৰ্তমান ১০০০ টকা, তীব্ৰ গতিত গাড়ী চলালে পূৰ্বৰ ৪০০ৰ ঠাইত বৰ্তমান ২০০০ টকা, দুচকীয়া বাহনত দুজনতকৈ বেছি আৰোহী থাকিলে পূৰ্বৰ ১০০ৰ ঠাইত বৰ্তমান ১০০০টকা, আৰু বিপদজনক ভাৱে গাড়ী চলালে পূৰ্বৰ ১০০ ৰ ঠাইত বৰ্তমান ৫০০০ টকা, অতিৰিক্ত বোজা কঢ়িওৱাৰ বাবে পূৰ্বৰ ২০০০ ৰ লগত ১০০০ টকা সংযোগ পাৰ টনৰ বিপৰীতে বৰ্তমান ২০০০০টকাৰ লগত সংযোগ ২০০০পাৰ টন, বীমা বিহীন গাড়ী চলালে পূৰ্বৰ ১০০০ৰ বিপৰীতে বৰ্তমান ২০০০টকা, গাড়ী চলাওঁতে মবাইল ফোন ব্যৱহাৰ কৰিলে পূৰ্বৰ ১০০০ ৰ ঠাইত বৰ্তমান ৫০০০ টকা, জৰুৰী কালীন সেৱাৰ বাহনক বাট এৰি নিদিলে এতিয়াৰ পৰা ১০০০০ টকা আৰু উশৃংখল নৱ প্ৰজন্মৰ কম বয়সীয়া অৰ্থাৎ নাবালকে গাড়ী চলালে ২৫০০০ টকা জৰিমনা ভৰাৰ লগতে ২৫ বছৰ বয়সলৈকে অনুজ্ঞাপত্ৰ নোপোৱাৰ লগতে গাড়ীৰ পঞ্জীয়ন বাতিলৰ উপৰিও অভিভাৱকৰ তিনি বছৰ পৰ্যন্ত জেল হব পাৰে। উল্লেখ্য যে “পথ সুৰক্ষাই -জীৱন ৰক্ষা। দুচকীয়া বাহনৰ চলক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা বাধ্যতামূলক।” এই শ্লোগানেৰে আজি নগাঁও জিলা পৰিবহণ বিভাগে বটদ্ৰৱা পুৰণি বাছ আস্থানত বাটৰ নাট যুগে এই নতুন জৰিমনা হাৰৰ গোহাঁৰি ৰাইজৰ হাতত তুলি দি সজাগতা বৃদ্ধি কৰে।

Total Page Visits: 10 - Today Page Visits: 1