নতুন দিগন্তৰ সুচনা মাজুলীৰ যাতায়ত ব্যৱস্থাৰ , ৯২৫ কোটি টকাৰে নিৰ্মাণ কৰিব লগা মাজুলী যোৰহাট সংযোগী দলঙৰ ভুমিপুজন

67

নতুন দিগন্তৰ সুচনা মাজুলীৰ যাতায়ত ব্যৱস্থাৰ , ৯২৫ কোটি টকাৰে নিৰ্মাণ কৰিব লগা মাজুলী যোৰহাট সংযোগী দলঙৰ ভুমিপুজন

লক্ষ্যধিক জনতা উপস্থিত থকা বিশাল জনসভাত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী , ভিডিঅ’ কনফাৰেন্সিং যোগে সংযোগ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , আজিৰ দিনটোৱেই হ’ল আধুনিক অসমৰ শ্ৰেষ্ঠতম দিনঃ ড০ হিমন্ত বিশ্ব শৰ্মা

মাজুলীৰ পৰা কল্পজিৎ শইকীয়া , ১৮ ফেব্ৰুৱাৰীঃ ফুলনি পথাৰত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক সৰ্বানন্দ সোণোৱালে আজি দিনটো মাজুলীবাসীৰ বাবে শ্মৰণীয় দিন বুলি উল্লেখ কৰি যুগ যুগৰ পৰা মাজুলীবাসীয়ে বহু আন্তৰিকতাৰে মাজুলী-যোৰহাটৰ যাতায়াতৰ সমস্যাৰ বাবে এখন দলঙৰ পোষকতা কৰিছিল আৰু আজি মাজুলীবাসীৰ সেই সপোন বাস্তবায়িত কৰি তুলিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ৷ যাৰ বাবে মজুলীবাসী তথা ৰাজ্যবাসী প্ৰধানমন্ত্ৰী গৰাকীৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিব বুলি কয় ৷ সাংস্কৃতিক আৰু আধ্যাত্মিক ভাৱে চহকী মাজুলীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত,পযৰ্টন ক্ষেত্ৰক দোপত-দোপে আগুৱাই নিয়াৰ স্বাৰ্থত এই দলঙখনে এই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কোৱাৰ উপৰি মাজুলীয়ে বহিঃ ৰাজ্যৰ লগত সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত এক যোগজয়ী দিশলৈ ধাৱমান হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ ‘মহাবাহু ব্ৰহ্মপুত্ৰ মহা মিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্রকাশি সমন্বয়ৰ অর্থ’ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ যোগজয়ী গীতেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মাজুলীৰ ফুলনি পথাৰত অনুষ্ঠিত হোৱা মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমি পূজন অনুষ্ঠানত নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিং যোগে অংশগ্ৰহণ কৰি এইদৰে কয় ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে , এই মহাবাহু ব্ৰহ্মপুত্ৰই যুগ যুগ ধৰি এক সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে ৷ কিন্তু এই মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত বহু দিনৰ পূৰ্বেই মাজুলীকে আদি কৰি অসমৰ বিভিন্ন স্থানৰ ব্ৰহ্মপুত্ৰৰ ওপৰত যাতায়াত যোগাযোগৰ উন্নয়ন সাধন হ’ব লাগিছিল ৷ কিন্তু সেই সমূহ উন্নয়ন নোহোৱাৰ বাবে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু ভিতৰুৱা অঞ্চলৰ জনসাধাৰণে যাতায়াত-যোগাযোগৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ আহিছিল ৷ কিন্তু মহাবাহু ব্ৰহ্মপুত্ৰৰ আশীৰ্বাদতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ক্ষীপ্ৰ প্ৰচেষ্টাত উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ দ্ৰুত উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছো ৷

অন্যহাতে , প্ৰধানমন্ত্ৰী গৰাকীয়ে মিচিং জনগোষ্ঠীৰ কিষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ শুভেচ্ছা জনাই আজিৰ দিনটো মাজুলী তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক উন্নয়ন আৰু বিকাশৰ এক মহোৎসৱৰ দিন বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰি উলিওৱা বগীবিল দলং, ভূপেন হাজৰিকা সেতু , নৱ নিৰ্মিত শৰাইঘাট দলঙকে ধৰি এনে বহু দলঙ নিৰ্মাণ কৰাৰ ফলত অসমৰ জনজীৱন স্বচ্ছল হৈ পৰিছে আৰু এই দলংসমূহে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷ অন্যহাতে , বিশ্বৰ লগতে উত্তৰ পূৰ্বাঞ্চলক সংযোগ স্থাপন কৰাত বিজেপি চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ যাৰ ফলত বৰ্তমান অসমৰ সাধাৰণ জনতাৰ যাতায়তৰ সমস্যা, শিক্ষাৰ সমস্যা,স্বাস্থ্যৰ সমস্যাকে ধৰি অন্যান্য সমস্যাসমূহ দূৰ কৰাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰখনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ‘কৰ্মই ধৰ্ম’ এই মানসিকতাৰে কাম কৰি যোৱা বুলি উল্লেখ কৰে ৷

আনফালে , জনসভাত উপস্থিত থাকি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে , আজিৰ দিনটো আধুনিক অসমৰ ইতিহাসৰ এক সোণালী দিন ৷ আজিৰ এই দিনটোত অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক কেন্দ্ৰভূমি, অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ মাজুলীক সংযোগ কৰি যোৰহাটলৈকে ৯২৫ কোটি টকা ব্যয় সাপেক্ষে এখন দলং নিৰ্মাণৰ বাবে যি প্ৰস্তুতি আছিল , তাক আজি ভূমি পূজনৰ জৰিয়তে শোভাৰম্ভ কৰা হ’ল ৷ আজি যদি মাজুলী আৰু যোৰহাটক কেন্দ্ৰ কৰি অসমৰ নৱ জাগৰণৰ যাত্ৰা আৰম্ভ হৈছে , ঠিক তেনেদৰে ধুবুৰী আৰু ফুলবাৰীৰ মাজত তিনি হাজৰ কোটি টকা খৰছ কৰি ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল দলংখন আজিৰ দিনটোতে বিশ্বনেতা তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আধাৰশীলা স্থাপন কৰিলে ৷ মহাবাহ ব্ৰহ্মপুত্ৰক এক নতুন ৰূপেৰে সজাই তুলিবলৈ মহাবাহু নামেৰে নদী খননৰ পৰা জেটিছ নিৰ্মাণৰ বাবে এক বিশাল প্ৰকল্প হাতত লোৱা হৈছে ৷


অন্যহাতে , মন্ত্ৰীগৰাকীয়ে ৰ’পেক্সৰ জৰিয়তে মাজুলী আৰু নিমাতীৰ মাজত ক্ষীপ্ৰ যাতায়াতৰ ব্যৱস্থাৰ উপৰি দক্ষিণ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী , ধুবুৰী আৰু হাট শিঙিমাৰীৰ মাজত অত্যাধুনীক ৰ’পেক্স সেৱা আজিৰ এই দিনটোৰ পৰাই আৰম্ভ হ’ব ৷ এক কথাত ক’বলৈ গ’লে আজিৰ দিনটোৱেই হ’ল আধুনিক অসমৰ শ্ৰেষ্ঠতম দিন , যিটো দিনত এইধৰণৰ মহান কামবোৰ শোভাৰম্ভ কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া নতুন দিল্লীৰ পৰা আমাৰ লগত সংযুক্ত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জনায় ৷ ইয়াৰ পিছতে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে জনতাক সম্বোধি দিয়া ভাষণত কয় যে , মাজুলী-যোৰহাট সংযোগী দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যাৰ অৱসান ঘটাই দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো আৰু আজি সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছো ৷ ইয়াৰ জৰিয়তে মই জনতাক ক’ব বিছাৰো যে , বৰ্তমানৰ বিজেপি চৰকাৰখন কথাৰ নহয় , কামৰ চৰকাৰ ৷ প্ৰথমতে এই দলংখন নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ,বিষয়াবৰ্গৰ লগত আলোচনাত বহি এক অত্যাধুনিক প্ৰযুক্তিৰে ৯২৫ কোটি টকা ব্যয়েৰে দলংখন নিৰ্মাণৰ দায়িত্ব ইউ পি ব্ৰিজ নামৰ প্ৰতিষ্ঠানটোক দিয়াৰ লগতে চাৰি বছৰৰ ভিতৰত দলং নিৰ্মাণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেই এনেধৰণৰ উন্নয়নমূলক কামসমূহ আমি কৰিবলৈ সক্ষম হৈছো ৷ আজিৰ সভাত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী মনসুখ মন্দাভিয়া,কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ ৰাজ্য মন্ত্ৰী জেনেৰেল (ড০) ভি কে সিং,কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী ৰামেশ্বৰ তেলী,কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ , মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ কনৰাড চাংমা,গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে,মন্ত্ৰী অতুল বৰা,ৰঞ্জিত দত্ত,কেশৱ মহন্ত,সাসংদ প্ৰদান বৰুৱা,টিংখাং সমষ্টিৰ বিধায়ক তথা মাজুলী জিলাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি বিমল বৰাকে আদি কৰি ভালেসংখক বিধায়ক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ৷

Total Page Visits: 17 - Today Page Visits: 2