নতুন বছৰৰ নতুন পৰিকল্পনাৰে বংকুৱালৰ উদিয়মান কণ্ঠশিল্পী পিকে ৰাজৰ নতুন গীত সোণফুল গীত শুভমুক্তি

53

নতুন বছৰৰ নতুন পৰিকল্পনাৰে বংকুৱালৰ উদিয়মান কণ্ঠশিল্পী পিকে ৰাজৰ নতুন গীত সোণফুল গীত শুভমুক্তি

দুৰ্নীতিৰ দৰ্পণ সেৱা,মহুৰামুখ , ২৭ জানুৱাৰীঃ মহুৰামুখৰ উত্তৰ অংশৰ বানে বিধস্ত কৰা বংকোৱাল অঞ্চলৰ কেইবাগৰাকীও শিল্পীৰ প্ৰচেষ্টাত জন্মলাভ কৰা সুৰ বাহিনীয়ে ৰাইজৰ মাজত সমাদৰ পোৱাৰ সমান্তৰালকৈ ময়ুৰী প্ৰদাক্সনে ইতিমধ্যে কেইবাটাও জনপ্ৰিয় গীত উপহাৰ দিছে ৰাইজক ৷ গণৰাজ্য দিৱসৰ প্ৰাক্ ক্ষণত সুৰ বাহিনীৰ অন্যতম কণ্ঠশিল্পী পি কে ৰাজে “সোণফুল” ২০২১ নামেৰে এটি নতুন বিহু গীত প্ৰচলিত গীতৰ আধাৰত অসম বাসীলৈ আগবঢ়ায় ৷ এই উপলক্ষে পি কে ৰাজৰ বাসগৃহত আয়োজিত এক আৰম্ভপূৰ্ণ অনুষ্ঠানত গীতটি উদ্মোচন কৰে৷সুৰ বাহিনীৰ অন্যতম সদস্য বিশ্বজিত মৰাঙে আতঁধৰা অনুষ্ঠানত গীত টো শুভমুক্তি কৰে দৈনন্দিন বাৰ্তাৰ মহুৰামুখৰ স‌ংবাদিক বলোৰাম কামানে । গীতটো কণ্ঠদান কৰিছে পিকে ৰাজ,বিশ্বজিৎ, পৰশমণি আৰু ৰূপা। স‌ংগীত কৰিছে বিশ্ব জিৎ মৰাঙে,গীতৰ কথা সুৰ কৰিছে সুৰেশ বৰিৰ ,গীতটোৰ বাহী ৰাকেশ পাঠৰিৰ । বংকুৱালৰ উদিয়মান কণ্ঠ শিল্পী পিকে ৰাজৰ সোণফুল এই বিহু গীতটো অসমৰ ৰাইজে আকোৱালি লৱ বুলি আশা বাদী শিল্পী গৰাকী ।

Total Page Visits: 15 - Today Page Visits: 2