নৃত্য শিল্পী তথা অধ্যাপিকা জ্যোতি হাজৰিকাৰ সৈতে বাৰ্তালাপ

47

নৃত্য শিল্পী তথা অধ্যাপিকা জ্যোতি হাজৰিকাৰ সৈতে বাৰ্তালাপ

সাক্ষাৎ গ্ৰহণ ছাদিকুজ জামান ,মোৰাঝাৰ ,হোজাই

(১) বাইদেউ নমস্কাৰ গ্ৰহণ কৰিব। প্ৰথমে আপোনাৰ পৰিচয় জানিব বিচাৰিছো ।
উওৰঃ নমস্কাৰ। মই উত্তৰ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ মেঘনাথ হাজৰিকা আৰু পদুমী হাজৰিকাৰ কন্যা । দেউতাৰ চাকৰি সূত্ৰে মোৰ পঢ়া-শুনা জাগীৰোডতে হৈছিল। বৰ্তমান মই হোজাইৰ মৰিয়ম আজমল উইমেন্‌চ কলেজ অৱ চাইন্স এণ্ড টেকন’লজি মহাবিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত।
(২) আপোনাৰ শিক্ষক জীৱনৰ কথা পাঠকক জনাব নেকি ? কেনেকৈ কৰ পৰা আৰম্ভ হল।
উওৰঃ শিক্ষক জীৱনৰ কথা ক’বলৈ যাঁওতে মই ২০০৫ চনৰ পৰাই শিক্ষক জীৱন আৰম্ভ কৰিছিলো। পঢ়ি থকাৰ সময়ছোৱাত সংগীত নৃত্য জগতত খোজ দি নৃত্য বিভাগত উত্তীৰ্ণ হৈ ২০০৫ চনতে সত্ৰীয়া সংগীত নৃত্যৰ বিদ্যালয় খুলি জাগীৰোডৰ এইচ পি চি পেপাৰ মিল ক’লনিতে আৰম্ভ কৰিলো। পৰৱৰ্তী সময়ত ২০১৩ চনত হোজাই , আজমল ফাউণ্ডচনৰ পৰা নিৰ্বাচিত হৈ বৰ্তমান মৰিয়ম আজমল উইমেন্‌চ কলেজ অব চাইন্স এণ্ড টেকন’লজিত অসমীয়া বিভাগত কৰ্মৰত হৈ আছো।
(৩) নৃত্য বা আন আন সাংস্কৃতিক দিশত আপোনাৰ যথেষ্ট দখল আছ , এই সম্পৰ্কে অলপ জনাওকচোন ।
উওৰঃ হয় । আচলতে মোৰ ঘৰুৱা পৰিৱেশৰ কাৰণে নৃত্য বা আন আন সাংস্কৃতিক দিশত আগ্ৰহী হৈ পৰিলো । ঘৰত মা-দেউতাই মোক পাঁচ বছৰ বয়সতে সত্ৰীয়া নৃত্যৰ স্কুলত নামভৰ্তি কৰাই দিছিল। ইয়াৰ পিছতে ক্ৰমান্বয়ে মোৰ নৃত্যৰ প্ৰতি স্পৃহা জাগি উঠিছিল। লোক পৰিৱেশ্যকলাই মনত যথেষ্ট শান্তি প্ৰদান কৰে। আমাৰ মাজত থকা সংস্কৃতি তথা লোক সংস্কৃতিয়েই হৈছে সমাজৰ দাপোনস্বৰূপ আৰু এটা জাতিৰ গৌৰৱ।
(৪)বিশেষকৈ সত্ৰীয়া নৃত্য কৰ পৰা কেনেকৈ শিকিলে পাঠকক অলপ জনাব।
উওৰঃ যিহেতু মই আগতেই পাঠকক কৈছো যে , মই ৫ বছৰ বয়সৰ পৰাই সত্ৰীয়া নৃত্যৰ লগত জৰিত হৈ পৰিছিলো । মা-দেউতাই সৰুতে ভ্ৰাম্যমান থিয়েটাৰ চাবলৈ লৈ গৈছিল আৰু তাতেই নৃত্য-নাটিকাৰ সুন্দৰ অনুষ্ঠান দেখি আপ্লুত হৈ ঘৰতে খুব নৃত্য কৰিছিলো। মোৰ নৃত্যৰ প্ৰতি মনযোগ দেখি মোক নৃত্যৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে । এনেকৈয়ে মই সত্ৰীয়া নৃত্য শিকা আৰম্ভ কৰিলো । তাৰ পিছত লাহে লাহে আইনাম , বিয়ানাম , জ্যোতি সংগীত , ৰাভা সংগীত , ভূপেন্দ্ৰ সংগীত ইত্যাদি চৰ্চা কৰিবলৈ ল’লো । মা দেউতাই মোক অতীজৰ কালজয়ী গীত সমূহ গাই চিনাকি কৰাই দিছিল। নৃত্যৰ লগতে সংগীতো খুবেই ভাল পাঁও । মনত এক অনাবিল আনন্দ প্ৰদান কৰে। সংগীত তথা লোক পৰিৱেশ্য কলাৰ লগত এটা জাতিৰ পৰিচয় আৰু আৱেগিক জৰিত হৈ থাকে বুলি মই ভাবো । মোৰ সত্ৰীয়া নৃত্যৰ গুৰু সংগীত নাটক অকাদেমীৰ বঁটা প্ৰাপক পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন। তেখেতৰ পদাংক অনুকৰণ কৰিবলৈ চেষ্টা অব্যাহত আছে ।
(৫) সামাজিক মাধ্যম সম্পৰ্কে আপোনাৰ ধাৰণা কি হব ?
উওৰঃ সামাজিক মাধ্যম বুলি ক’ব যাঁওতে এটাই কথা মনলৈ আহে যে বৰ্তমানৰ যি যুগ সেইয়া হৈছে জ্ঞানৰ যুগ , বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ লগতে মহা জাগতিক যুগ । এই যুগত প্ৰযুক্তিগত কৌশলেৰে সমৃদ্ধ আৰু সংপৃক্ত হোৱা বিভিন্ন উপাংশ বোৰৰ অন্যতম হ’ল সামাজিক মাধ্যম । বৰ্তমান শিক্ষা তথা সাংস্কৃতিক জগতখন সামাজিক মাধ্যমৰ জৰিয়তেহে পৰিচয় কৰাব পাৰি । ইতিবাচক চিন্তাৰে সমাজখনক আগুৱাই লৈ যোৱাটো উচিত । বাৰে ৰহনীয়া কৃষ্টিৰ সোণৰ অসম খন সামাজিক মাধ্যমৰ জৰিয়তেহে বেছিকৈ প্ৰাণ পাই উঠিছে বুলি মই ভাবো । এই মাধ্যমৰ জৰিয়তেহে বিশ্বখনৰ লগত পৰিচয় কৰাই দিয়াত অতি সহজ কাৰণ এই মাধ্যমে মানুহক মানুহৰ ওচৰলৈ লৈ যায় ।
(৬) আপুনি ভ্ৰমণ ভাল পায় সম্ভৱ , কি কব ?
উওৰঃ হয় মই ভ্ৰমণ খুবেই ভাল পাঁও । ভ্ৰমণেই মোক অনাবিল আনন্দ প্ৰদান কৰাৰ লগতে নতুন ঠাই এখন জানিবৰ বাবে সুযোগ দিয়ে । প্ৰায় মানুহেই ভ্ৰমণ ভাল পায় আৰু ভ্ৰমণ কৰি একপি ফটো তুলি লোৱাটো মোৰ এক প্ৰকাৰৰ নিচাৰ দৰে । মই প্ৰথম ২০০৬ চনতে অসমৰ পৰা দিল্লী লৈ গৈছিলো । বৰ্তমান চাকৰি সূত্ৰে অলপ ভ্ৰমণ কমিছে যদিও মনৰ স্পৃহা কমা নাই।সুযোগ পালেই ভ্ৰমণ কৰোঁ । বৰ্তমান মহামাৰীৰ কাৰণে ঘৰৰ ওচঁৰে-পাঁজৰে ভ্ৰমণ কৰি মন আনন্দিত কৰি ৰাখো।
(৭) এগৰাকী অধ্যাপিকা হিচাপে অনলাইন ক্লাচ সম্পৰ্কে কি কব , ছাত্ৰ-ছাত্ৰী কিমান ফলপ্ৰসু হৈছে ?
উওৰঃ বৰ্তমান পৰিস্থিতি আমাৰ সকলোৰে বাবে অনলাইন ক্লাচ এক প্ৰত্যাহ্বান হৈ পৰিছে। কাৰণ প্ৰতিজন ঘৰৰ মানুহৰ অৰ্থনৈতিক পৰিস্থিতি ভাল নহয় । আমাৰ অসম প্ৰগতিৰ পথত যদিও এতিয়াও বিজুলী মুখ দেখা নাই । যাৰ কাৰণে অভিভাৱক সকলে মোবাইল কিনি ল’ৰা – ছোৱালীক সহায় কৰিব পাৰিব । টকা-পইচাৰো অভাৱ এতিয়াও আছে । বৰ্তমান প্ৰগতি সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষকে গুৰু দায়িত্ব পালন কৰিব লাগিব। শিক্ষা সহজলভ্য কৰাটো আমাৰ কৰ্তব্য ।
(৮) সাম্প্ৰতিক ৰাজ্যৰ ৰাজনীতিৰ ওপৰত কিবা কব নেকি ?
উওৰঃ এটাই ক’ব বিচাৰো আমাক শান্তি আৰু উন্নয়ন লাগে । ইতিবাচক পৰিৱৰ্তন হোৱাটো আমি বিচাৰো । প্ৰজাগণৰ মনৰ কথা বুজ ল’লে ভাল ।
(৯) ৰাজ্যৰ ৰাজনীতিৰ এক অনন্য নেতা মৌলানা বদৰ উদ্দিন আজমলক আপুনি সন্মুখৰ পৰা পাইছে নিশ্চয় , তেখেতৰ বিষয়ে কিবা কব নেকি?
উওৰঃ হয় । মই ধুবুৰীৰ সাংসদ মৌলানা বদৰ উদ্দিন আজমলক সম্মূখৰ পৰা বহুবাৰ পাইছো।প্ৰথমে ক’ব লাগিব , তেখেত এগৰাকী মানৱদৰদী , ধৰ্মনিৰপেক্ষ নেতা । এগৰাকী উদাৰ মনৰ আৰু বহল মনৰ স্বদেশ-স্বজাতিক ভালপোৱা অসমীয়া । মানৱ সেৱাই তেঁওৰ প্ৰধান উদ্দেশ্য।জাতি , ধৰ্ম , বৰ্ণ নিৰ্বিষেশে সকলো মানুহৰ দুখ দুৰ্গতি কৰিবলৈ তেঁও সদায় থিয় হয় । মোৰ তেখেতৰ লগত প্ৰথম কথোপকথন আজিও মনত আছে । মহাবিদ্যালয়লৈ মাজে মাজে আহি শিক্ষাৰ ওপৰত শিক্ষক আৰু শিক্ষাৰ্থী সকলক বহু পৰামৰ্শ আৰু অনুপ্ৰেৰণা প্ৰদান কৰে । তেওঁৰ লক্ষ্য এখন সমৃদ্ধিশালী সমাজ গঠনৰ । শিক্ষিত সমাজ গঠন কৰাৰ উপৰিও চিকিৎসা সেৱা আগবঢ়াবলৈ অহোপুৰুষাৰ্থ কৰিছে । তেখেতে মোক প্ৰথম লগ পাই ঘৰ ক’ত আৰু কি পঢ়াও বুলি সোধাত মই ‘আচামিজ’ বুলি ইংৰাজীতে বিষয়তো কোৱাত তেওঁ মোক আচামিজ নহয় অসমীয়া বুলি ক’বলৈ শিকাই দিছিল । অসমীয়া পঢ়াও যেতিয়া উচ্চাৰণৰ শব্দশৈলী অসমীয়াতে ক’ব কৈছিল । তেতিয়াৰ পৰাই মই ভিতৰৰ মানুহজনৰ লগত পৰিচয় হোৱাৰ সুযোগ পালো।(১০)শেষত আপোনাৰ বহু অনুৰাগী আছে ,সিহঁতক কিবা কব নেকি? বা লকডাউনৰ ইতিবাচক বা নেতিবাচক প্ৰভাৱৰ বিষয়ে অনুৰাগীক কব নেকি ?
উওৰঃ প্ৰথমতে মই মোৰ অনুৰাগী সকলক মৰম আৰু পৰামৰ্শ দিয়া বাবে ধন্যবাদ জনাইছো।মানুহৰ জীৱনটো অতি সুন্দৰ । এই সুন্দৰ জীৱনটো আৰু সুন্দৰ ৰূপত জিলিকাবলৈ আমি সু -কৰ্ম কৰিবই লাগিব । সমাজখন এজন ব্যক্তিয়ে ধুনীয়া কৰিব নোৱাৰে । সকলোৱে মিলি একত্ৰিত হৈ সু-কৰ্মৰ জৰিয়তে সৌন্দৰ্যৰ ৰূপ দিব পাৰে । মনত একতা ভাব , ভাতৃত্বভাব আপোনজনৰ প্ৰতি মৰম , শ্ৰদ্ধা আৰু ডাঙৰ জনাৰ আৰ্শীবাদ লৈ সু -কৰ্ম কৰি যাব লাগে।লকডাউনৰ সময়ত ইতিবাচক আৰু নেতিবাচক দিশ দুয়োটাই আছে । নেতিবাচক দিশৰ ক্ষেত্ৰত মূল্যবৃদ্ধিয়ে মানুহখিনিক জুৰুলা কৰি পেলাইছে । যি সকল ব্যৱসায়িক লোক , ছাত্ৰ -ছাত্ৰী সকলৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । ইতিবাচকৰ দিশৰ ক্ষেত্ৰত এই লকডাউনৰ সময়ত প্ৰত্যেকেই ঘৰত থাকি ঘৰৰ পৰিয়ালক সময় দিছে , নিজৰ ভাল লগা কামখিনি কৰিবলৈ সময় পাইছে । নিজৰ লগত এবাৰ হ’লেও কথা পাতিব লাগে , সমালোচনা কৰিব লাগে বুলি মই ভাবো।কৰুনা মহামাৰী কেতিয়াও শেষ নহয় , কিন্তু আমি ইতিবাচক চিন্তাৰে ইতিবাচক কৰ্ম কৰি যাব লাগে । জীৱনৰ মধুময় সময় প্ৰত্যেকদিনেই হয় বুলি মই ভাবো ।

Total Page Visits: 20 - Today Page Visits: 1