পহুমাৰা নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ আধাৰশিলা

18

পহুমাৰা নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ আধাৰশিলা
প্ৰতিবেদক মনজিৎ দাস , হাউলী , ২০ ফেব্ৰুৱাৰীঃ পহুমাৰা নদীৰ গৰাখহনীয়াই প্ৰতি বছৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি আজি সৰুক্ষেত্ৰী সমষ্টিৰ খৰমা বজাৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ জৰিয়তে এক কোটি পঞ্চাশ লাখ টকাৰ কাম শুভাৰম্ভ কৰে সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে । অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক লিয়াকত আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত বিধায়ক সিকদাৰে উপস্থিত থাকি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই খৰমা বজাৰখন পহুমাৰা নদীৰ গৰাখহনীয়াই প্ৰতিবছৰে মানচিত্ৰ সলনি কৰি আহিছে । খৰমা বজাৰত থকা কালি মন্দিৰখন খহনীয়াই নদীৰ বুকুত বিলীন হৈ গৈছে । নদীয়ে যাতে পৰবৰ্তী সময়ত আৰু কোনোদিনে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিব নোৱাৰে , তাৰ প্ৰতি বহুত প্ৰচেষ্টাৰ ফৰত জলসম্পদ বিভাগৰ বৰপেটা সংমণ্ডল অধীনত এককোটি পঞ্চাশ লাখ টকা ব্যয় সাপেক্ষে জিঅ বেগৰ জৰিয়তে প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিছো। মই এজন বিৰোধী দলৰ বিধায়ক হিচাবে কিছুমান শাসকীয় দলৰ বিধায়কতকৈ বহুগুণে উন্নয়ন বেছি কৰিছো । আপোনালোকে আগতে বহুত বিধায়ক দিছপুৰলৈ পঠিয়াইছিল তেখেতসকলৰ তুলনাত মই যদি সৰুক্ষেত্ৰীত সমষ্টিত উন্নয়নৰ কম কৰিছোঁ , তেতিয়াহলে জাকিৰ হুছেইন সিকদাৰ নামৰ গছজোপা আপোনালোকে কাটি পেলাব । আপোনালোকে মোক পাঁচ বছৰীয়া পৰীক্ষাত বহুৱাইছিলে । আৰু যদি মই মোৰ পাচ বছৰীয়া কাৰ্যকালত সমষ্টিৰ উন্নয়নৰ পৰীক্ষাত পাছ কৰিব পাৰিছোঁ , সেই পৰীক্ষাৰ নম্বৰ আপোনালোকে আগন্তুক নিৰ্বাচনত দিব । যদি মই ৰাইজৰ কাম কৰিবলৈ ব্যৰ্থ হৈছো , তেতিয়াহলে জাকিৰ হুছেইন সিকদাৰ নামৰ গছজোপা সৰুক্ষেত্ৰী ৰাইজক কাটি পেলাবলৈ মন্তব্য প্ৰকাশ কৰে । আজি পহুমাৰা নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বাবে খৰমা , অটা, ভৌকামাৰী আদি অঞ্চলৰ কৃষক ৰাইজে উৎফুল্লিত হৈ পৰিছে।

Total Page Visits: 12 - Today Page Visits: 2