পানেৰী বিধানসভা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ চৰ্চাত জোনমনি শইকীয়াৰ নাম

25

পানেৰী বিধানসভা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ চৰ্চাত জোনমনি শইকীয়াৰ নাম
দুৰ্নীতিৰ দৰ্পণ সেৱা , টংলা,২০ ফেব্ৰুৱাৰীঃ সমাগত বিধানসভা নিৰ্বাচন ২০২১ । অসমত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক দল আৰু নেতা কৰ্মী সকলৰ মাজত প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ চৰ্চা । কি শাসক কি বিৰোধী দিছপুৰ ‌দখলৰ বাবে ককালত টঙালি বান্ধিছে সকলো ৰাজনৈতিক দলে । সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থীত্ব প্ৰত্যাশি সকলৰ মাজত বিভিন্ন আলোচনা । প্ৰশ্ন এটাই নিজৰ দলৰ পৰা কোনে পাব প্ৰাৰ্থীত্ব । তেনে সময়তে পানেৰী বিধানসভা সমষ্টিৰ বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশি জোনমনি শইকীয়াৰ নাম বাৰুকৈয়ে চৰ্চালৈ আহিছে । একালত দুৰদৰ্শনৰ অভিনয়ৰ লগত জড়িত‌ মহিলা সংগঠক , শিল্পী সমাজৰ নেত্ৰী ওদালগুৰি জিলাৰ টংলা চহৰৰ বাসিন্দা জোনমনি শইকীয়া বৰ্তমান বিজেপি দলৰ ওদালগুৰি জিলাৰ কাৰ্যনিৰ্বাহক । আমাৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জোনমনি শইকীয়াৰ দাবী , সুবিধা পালে পানেৰী সমষ্টিৰ ৰাইজৰ বাবে ‌ৰাইজৰ মাজৰ পৰা কাম কৰি যাব শইকীয়াই । লগতে শইকীয়াই কয় যে,টিকটৰ বাবে আশা ‌কৰিছোঁ আৰু ‌ৰাইজে‌ মোকলৈ যথেষ্ট আশা কৰি আগবাঢ়ি গৈছে । যদি টিকত পোৱা যায় , তেনেহলে ৰাইজৰ বাবে কাম কৰি যাম আৰু ৰাইজে জানে যে ‌মই সমাজৰ বাবে কি কৰি আহিছোঁ বা কি কৰি আছোঁ । বৰ্তমান ৰাইজে ভাবিছে যদি মোক দলে টিকত দিয়ে কাম কৰি‌ ৰাম বুলি আশা কৰিছে।সুবিধা পালে মনে প্ৰাণে ৰাইজৰ হৈ কাম কৰি যাম ।

Total Page Visits: 14 - Today Page Visits: 1