পাহাৰ ভৈয়ামৰ সম্প্ৰিতি উৎসৱ গোভাৰাজ্যৰ জোনবিল মেলা আৰম্ভ

73

*পাহাৰ ভৈয়ামৰ সম্প্ৰিতি উৎসৱ গোভাৰাজ্যৰ জোনবিল মেলা আৰম্ভ*
*গোভাৰজা দীপসিং দেওৰজাই ৰাজবিষয়াৰ সতে জোনবিল মেলাত খালে ভোজ-ভাত*

*আজি জিলিকিব বিনিময় প্ৰথা**এদিনৰ বাবে অচল হ’ব মুদ্ৰাৰ প্ৰচলন* দুৰ্নীতিৰ দৰ্পণ সেৱা , বাবু মনি শৰ্মা , (জোনবিল মেলাৰ পৰা) , মৰিগাঁও , ২১ জানুৱাৰী : প্ৰাচীন গৌৰৱময় ইতিহাস প্ৰসিদ্ধ গোভাৰাজ্যৰ জোনবিল মেলা আজিৰে পৰা বৰ্ণাঢ়্য কাৰ্যসূচীৰে মৰিগাঁও জিলা জোনবিলৰ পাৰত আৰম্ভ হয় । ১৬ শ শতিকাৰ তিৱা ৰাজ্য গোভাৰ ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ এই জোনবিল মেলা খনি আজিৰ পুৱা ৬ বজাত গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱথানত মাংগলিক পৰ্বৰে শুভাৰম্ভ কৰা হয় । এই শুভাৰম্ভণি অনুষ্ঠানৰ পিছতে গাভৰুআমত বন্তি প্ৰজ্বলন কৰা হয় । পুৱা ৯ বজাত জোনবিল মেলাস্থলিত পতাকা উত্তোলন কৰে গোভা ৰাজ্যৰ ৰজা দীপসিং দেওৰজাই । এই স্থানতেই বন্তি প্ৰজ্বলন কৰে জোনবিল মেলা আয়োজক সমিতিৰ সভাপতি সোনেশ্বৰ দলৈয়ে । আজি দিনৰ ভাগত গোভা ৰজা দীপসিং দেওৰজাই ৰাজবিষয়া সকলৰ সতে প্ৰাচীনতম বিল জোনবিলৰ পাৰত বহি ভোজভাত খায় । এই ভোজভাত পৰ্বত গোভা ৰাজ্যৰ পাটনিয়া ৰজা ভদ্ৰসিং দেওৰাজাই অংশ গ্ৰহণ কৰে । ইপিনে , আজিৰে পৰা অনুষ্ঠিত হোৱা এই প্ৰাচীন মেলাখনৰ বাবে ইতিমধ্যে পাহাৰৰ পৰা আগমন ঘটিছে বহুসংখ্যক পাহাৰীয়া অঞ্চলৰ লোক । মেঘালয়, কাৰ্বি আংলঙৰ লংপ, মৰঙা, উমদেন, উমতাই, উমডোঙা, উমচিয়াং, উমজাৰী, উমদেংখুলাই, মাজৰ,মায়ং, চুমিদাং, লুমফৈ,আমদাং, আমদঙা, লেমেৰা,খাৰখুজি, আমবাট, মাৰ্জং,বালিখুজি, দাপমাছাল, নুনফৈ আদি পাহাৰীয়া অঞ্চলৰ পৰা ঐতিহাসিক জোনবিল মেলালৈ অহা জনজাতীয় মামা-মামী সকলৰ লগত বিয়লি ৪ বজাত গোভাৰজাৰ কথোপকথনে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰে । পাহাৰ ভৈয়ামৰ সম্প্ৰিতি চানেকিৰে মিলনভূমিত পৰিণত হোৱা জোনবিল মেলাত আজি উজলিছে প্ৰাচীন তিৱা ৰাজ্যৰ গোভা বৰ্ণিল সংস্কৃতি । তিৱা বৰতৰ গীত মাতেৰে মুখৰিত হৈ উঠা জোনবিল মেলাৰ আজি প্ৰথম দিনা গোভা ৰাজ্যখনৰ ৰজাদিনীয়া ৰাজ সম্পদ সমূহ প্ৰদৰ্শিত হয় । কৰ’না মহামাৰীৰে ত্ৰাসৰ সৃষ্টি কৰা সময়তো আজি জোনবিল মেলাত জাতি জনগোষ্ঠীৰ লোকেৰে জোনবিল মেলা ক্ষেত্ৰ পৰিপূৰ্ণ হয় ।
*আজি হ’ব বিনিময় প্ৰথা**এদিনৰ বাবে অচল হ’ব মুদ্ৰা প্ৰচলন*
পাহাৰৰ পৰা জোনবিলৰ মেলালৈ নামি আহি ভৈয়ামত হেৰাই যোৱা প্ৰাচীন ঐতিহ্যময় সংস্কৃতি বিনিময় প্ৰথাৰে আজি পুৱতি নিশা জিলিকাই তুলিব জোনবিলৰ পাৰ । আধুনিক মুদ্ৰা প্ৰচলনে লুপ্ত কৰি পেলোৱা ১৪ শতিকাৰ বিনিময় প্ৰথা পুনৰ বাৰ জিলিকি উঠিব গোভা ৰাজ্যৰ জোনবিল মেলাত । পাহাৰৰ পৰা নামি অহা পাহাৰীয়া এই লোক সকলে এই মেলালৈ আহি নিজে পাহাৰত উৎপাদন কৰা কচু,আলু,আদা, হালধি,জালুক, জলকীয়া,কোমোৰা, গন্ধক আৰু শুকানমাছ আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ উৎপাদিত লাৰু,পিঠা,সান্দহ, পিঠাগুড়ি আদি ভৈয়ামৰ লোকসকলৰ মাজত সলনি কৰিব । এদিনৰ বাবে হেৰাই যাব মুদ্ৰাৰ প্ৰচলন । প্ৰাচীন এই কৃষ্টি -সংস্কৃতি পুনৰবাৰ জিলিকিব জোনবিলৰ পাৰত । গোভা ৰাজ্যৰ এই সংস্কৃতি চাবলৈ ইতিমধ্যে আজিৰে পৰা অগণন লোকৰ । আজি পুৱতি নিশা ৪ বজাত এই বিনিময় প্ৰথা পৰ্ব মুকলি কৰিব মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । এই অনুষ্ঠানত অংশ লব তিৱা স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱঁৰে । ইপিনে , আজিৰ এই জোনবিল মেলাত আগমন ঘটিছে বিভিন্ন ৰাজ্যৰ লোককৃষ্টিৰ দ’ল । একাধিক পৰ্যটকেও অংশ লৈছে জোনবিল মেলাত । আনহাতে, কাইলে, জোনবিল মেলাৰ দ্বিতীয় দিনা অনুষ্ঠিত হবলগীয়া গোভাৰাজ্যৰ ৰাজ-দৰবাৰত মূখ্য অতিথি হিচাপে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মধ্য অসমৰ ১৮ জনকৈ তিৱা ৰজাক ১লাখ টকাকৈ ৰাজভাট্টা প্ৰদান কৰিব । এই অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱঁৰেও অংশ গ্ৰহণ কৰিব ।

Total Page Visits: 15 - Today Page Visits: 1