পূজা মণ্ডপত ধঁপাতৰ ব্যৱহাৰ, সেৱন নিষিদ্ধ কৰিলে হোজাই জিলা দণ্ডাধীশেঃ ১৪৪ ধাৰা জাৰি

0
84
পূজা মণ্ডপত ধঁপাতৰ ব্যৱহাৰ, সেৱন নিষিদ্ধ কৰিলে হোজাই জিলা দণ্ডাধীশেঃ ১৪৪ ধাৰা জাৰি
জমিৰ উদ্দিন তালুকদাৰ, ডবকা ২২ অক্টোবৰঃ হোজাই জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ ডঃ সদনেক সিঙে এক আদেশযোগে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা পূজা মণ্ডপসমূহৰ ভিতৰত চিগাৰেট, ধঁপাত, বিড়ী, তম্বাকু, পান মচলা, গুটখা আদি সেৱন আৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ অসম স্বাস্থ্য আইন ২০১৩ আৰু চিগাৰেট আৰু অন্যান্য ধঁপাত জাতীয় সামগ্ৰী আইন ২০০৩-ৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰে ৷ এই নিষেধাজ্ঞা দুৰ্গাপূজা ২০২০ চলি থকা পৰ্যন্ত বাহাল থাকিব বুলি এক বিবৃতিযোগে জানিবলৈ দিয়ে হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া এ কে ইলিয়াচ আহমেদে ৷ লগতে আন এক আদেশযোগে জিলা উপায়ুক্তই সমগ্ৰ হোজাই জিলাত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় দণ্ডবিধিৰ ফৌজদাৰী কাৰ্যবিধিৰ অন্তৰ্গত ১৪৪ ধাৰা জাৰি কৰিছে ৷ পূজা মণ্ডপ, ধৰ্মীয় অনুষ্ঠানস্থলীৰ বাহিৰত বা ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোক সমবেত হোৱাত বাধা আৰোপ কৰা হৈছে ৷ লগতে ৰাতি ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে উচ্চস্বৰত মাইক বজোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত এই ধাৰা বাহাল থাকিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here