প্ৰয়াত সাংবাদিক মনমুল হকৰ পৰিয়ালৰ বুজ ললে বিজেপিৰ সজাতি দলে

73

প্ৰয়াত সাংবাদিক মনমুল হকৰ পৰিয়ালৰ বুজ ললে বিজেপিৰ সজাতি দলে

দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ১৩ ফেব্ৰুৱাৰী ঃ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মধ্য চকিৰ ভিঠা গাৱত বসবাস কৰি বিভিন্ন সময়ত সমাজ তথা অঞ্চলৰ সমস্যা সম্পৰ্কে জীয়াই থকা জীৱনৰ শেষ মুহুৰ্ত লৈকে মাতমাতি মৃত্যুক আকোঁৱালি লয় সাংবাদিক মনমুল হকে ৷ যোৱা ৩১ ডিচেম্বৰত উচ্চ ৰক্তচাপজনিত কাৰণত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰয়াত সাংবাদিক মনমুল হকৰ পৰিয়ালৰ বুজ ললে অসম ৰাজ্যিক বিজেপিৰ এটা সজাতি দলে ৷আজি আবেলি ২ বজাত উপস্থিত হয় প্ৰয়াত সাংবাদিক মনমুল হকৰ ঘৰত ৷দলটোত উপস্থিত থাকে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা সমাজ দৰদী নেতা দিপুল ভূঞা,পাকাবেতবাৰী ব্লক মণ্ডলৰ সভাপতি ধনমণি ডেকাসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷প্ৰয়াত সাংবাদিক মনমুল হকৰ ঘৰত উপস্থিত হৈ পৰিয়াললৈ দহ হাজাৰ টকা অনুদান আগবঢ়াই দিপুল ভূঞাই ৷লগতে অনাগত সময়ত পৰিয়ালটোক সকলো ধৰণৰ সহায় কৰিব বুলি দিপুল ভূঞা উল্লেখ কৰে ৷সমাজ কৰ্মী দিপুল ভূঞাৰ এই কাৰ্যক সমাজৰ সচেতন ৰাইজ তথা অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰে ৷

Total Page Visits: 11 - Today Page Visits: 1