প্ৰয়াত সাংবাদিক মনমুল হকৰ ঘৰত বিজেপি যুৱ নেত্ৰী ডলফিন মজুমদাৰ

52

প্ৰয়াত সাংবাদিক মনমুল হকৰ ঘৰত বিজেপি যুৱ নেত্ৰী ডলফিন মজুমদাৰ
দুৰ্নীতিৰ দৰ্পণ, প্ৰতিবেদক , মনজিৎ দাস ,হাউলী, ৩১ জানুৱাৰীঃ প্ৰয়াত সাংবাদিক মনমুল হকৰ ঘৰত আজি উপস্থিত হয় সৰুক্ষেত্ৰী বিজেপিৰ এটি সজাতি দল ৷ বিজেপিৰ সজাতি দলটোৰ লগত উপস্থিত থাকে ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য তথা বজালী জিলা যুৱ মৰ্চাৰ প্ৰভাৰী ডলফিন মজুমদাৰ ,পাকাবেতবাৰী কিষাণ মৰ্চাৰ প্ৰাক্তন সভাপতি কমল পাঠক, সংখ্যালঘু বিজেপি মৰ্চাৰ বজালী জিলা কাৰ্যনিৰ্বাহক সদস্য আব্দুল হামিদ , চকিৰ ভিঠা বুথৰ সভাপতি ছামাদ আলীকে আদি কৰি কেইবাজনো সদস্য উপস্থিত থাকে ৷ বিজেপি যুৱনেত্ৰী ডলফিন মজুমদাৰে মনমুল হকৰ ঘৰলৈ যোৱা ৰাস্তাটো প্ৰত্যক্ষ কৰি আচম্বিত প্ৰকাশ কৰাৰ লগতে ৰাস্তাটোৰ মাজ মজিয়াত থকা এটি প্ৰকাণ্ড কুৰৰ ওপৰত বাঁহৰ সাঁকোৰে পাৰ হওতে কয় যে,বৰ্তমান সময়তো গাঁৱলীয়া ৰাস্তাবোৰ ইমান বেয়া হৈ আছে ৷ অনাগত সময়ত ৰাস্তাটোৰ বিষয়ে চৰকাৰৰ লগত আলোচনা কৰি কেনেকৈ জৰাজীৰ্ণৰ সমস্যা সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মতপোষণ কৰে ৷ তদুপৰি প্ৰয়াত সাংবাদিক মনমুল হকৰ পৰিয়াললৈ দলৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে ৷

Total Page Visits: 16 - Today Page Visits: 1