বজালীত অগপ বিজেপিৰ নিৰ্বাচনী তৎপৰতা ,দুই ৰণজিৎ তে এইবাৰ চমক দিব বজালীত

38

বজালীত অগপ বিজেপিৰ নিৰ্বাচনী তৎপৰতা ,দুই ৰণজিৎ তে এইবাৰ চমক দিব বজালীত

সৰভোগ এৰি ভৱানীপুৰ সমষ্টিলৈ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ ইংগিত , জেষ্ঠ ভাতৃৰ ৰাজনৈতিক চক্ৰান্তৰ বাবেই ভাৰাঘৰত আশ্ৰয় গ্ৰহণ বিধায়ক আবুল কালামৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বজালীৰ প্ৰতিবেদক : সমাগত বিধান সভা নিৰ্বাচন । নিৰ্বাচনৰ বাবেই সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দʼল । দুই সমষ্টিত দুই ৰণজিৎতে এইবাৰ চমক দিব বজালীত । বজালীৰ দুই সমষ্টি ভৱানীপুৰ আৰু পাটাছাৰকুছীক লৈ নতুন নতুন সমীকৰণেৰে সাজু হৈছে অগপ বিজেপি । কোনটো সমষ্টিত কোনে কৰিব প্ৰতিদ্বন্দিতা ইয়াক লৈও বিভিন্ন জল্পনা কল্পনা কৰা পৰিলক্ষিত হৈছে । অগপৰ দখলত থকা পাটাছাৰকুছিত এইবাৰ অগপই নতুন মুখৰ ব্যক্তিক অগ্ৰাধিকাৰ দিয়াৰ কথা দলীয় নেতৃবৃন্দই প্ৰকাশ কৰি আহিছে । সমন্তৰাল ভাবে কা আন্দোলনৰ পৰাই দলীয় নেতৃত্বতৰ বিৰোধিতা কৰি অহা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই ইতিমধ্যে অগপ ত্যাগ কৰাৰ উপৰিও বিধায়ক পদও ত্যাগ কৰি এ জে পিত যোগদান কৰিছে । পবিন্দ্ৰ ডেকাৰ সৈতে দলীয় নেতৃত্বতৰে হোৱা সংঘাতৰ বাবে দলীয় নেতৃবৃন্দই নতুন মুখৰ সন্ধান কৰি ইতিমধ্যেই দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ প্ৰতিশ্ৰুতিৰে দ’ললৈ আদৰিছে আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ তথা শিক্ষাবিদ ড০ ৰণজিৎ ডেকাক । ডেকাৰ যোগদানৰ পিছৰেই পৰা সমষ্টিটোত অগপ‌ই নিজৰ ভেটি অধিক শক্তিশালী কৰিবলৈ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । প্ৰাৰ্থীত্ব লাভৰ নিশ্চিয়তা দেখি সমষ্টিটোত এতিয়া দলীয় ভেটি আৰু অধিক শক্তিশালী কৰিবলৈ শিক্ষাবিদ ড০ ৰণজিৎ ডেকাই দিনে নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মিত্ৰতাৰ জৰিয়তে যদিহে এইবাৰো সমষ্টিটো অগপই লাভ কৰে তেন্তে সমষ্টিটোত অগপ‌ৰ প্ৰাৰ্থীত্ব শিক্ষাবিদ ড০ ৰণজিৎ ডেকাই লাভ কৰাটো প্ৰায় নিশ্চিত হৈ উঠিছে ।ইপিনে এ আই ইউ ডি এফৰ দখলত থকা ভৱানীপুৰ সমষ্টি এইবাৰ উদ্ধাৰৰ লক্ষ্য লৈছে বিজেপিয়ে। বিগত কেইবা মাহ ধৰি ৰণজিৎ দাসে ভৱানীপুৰত যি ধৰণে প্ৰচাৰ চলাই অাছে তাতে সাৰপানী যোগাই অাহিছে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।সৰুপেটাৰ মিলন সংঘৰ খেল পথাৰত বিজয় সংকল্প সমাৰোহত হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাষণত ৰণজিৎ দাসক প্ৰশংসাৰে ওপচাই তুলিছে।তাৰ পৰা এক প্ৰকাৰ ভবানীপুৰবাসী ৰাইজ নিশ্চিত হৈছে যে অগপ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী ৰণজিৎ দাসেই হব নেকি যদি সেয়াই হয় তেতিয়াহলে সৰভোগত যি সমস্যা হোৱাৰ বাবে ৰণজিৎ দাস ভৱানীপুৰত প্ৰতিদন্দিতা কৰাৰ ইচ্ছা কৰিছে অনুৰূপ সমস্যাৰ তেঁও ভৱানীপুৰ সমষ্টিত ও মুখামুখি হব লাগিৱ নেকি সেই সকলো সমস্যাৰ সতেও মোকামিলা কৰি অাগন্তুক নিৰ্ৱাচনত এই সমষ্টি তেঁও কুক্ষিগত কৰিৱ পাৰিৱ নে সেয়া লক্ষণীয় হৱ।সমষ্টিটোক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা এ অাই ইউ ডি এফৰ বিধায়ক আবুল কালামৰ নিজৰ জেষ্ঠ ভাতৃৰ ৰাজনৈতিক কু চক্ৰান্তৰ বাবেই বিধায়ক গৰাকীয়ে ইতিমধ্যেই নিজৰ বাসগৃহ এৰি আশ্ৰয় লৈছে ভাৰাঘৰত । বিধায়ক গৰাকীৰ নিজ দলৰ কেইগৰাকীমান নেতাৰ সৈতে হোৱা মনোমালিন্য ৰ সুযোগ গ্ৰহণ কৰি নিজৰ জেষ্ঠ ভাতৃয়ে নিজে বিধায়ক হোৱাৰ সপোন দেখি নিজ গৃহৰ পৰাই উলিয়াই দিয়ে বিধায়ক ভাতৃক । জেষ্ঠ ভাতৃৰ কু চক্ৰান্তৰ বাবেই দুবাৰকৈ ইউ ডি এফ দʼলৰ পৰা সমষ্টিটোক প্ৰতিনিধিত্ব কৰা কালামে এইবাৰ দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত । ইয়াৰ উমান পাইয়ে বিধায়ক গৰাকীয়ে আগন্তুক নিৰ্বাচনত নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে । এইয়াৰেই পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিজেপিয়ে । বিজেপিৰ শক্তিশালী স্থিতিত সমষ্টিটোত প্ৰায় নিশ্চিহ্ন হʼব ধৰিছে কংগ্ৰেছ । বিজেপিৰ এক নিৰ্ভৰযোগ্য সুত্ৰই প্ৰকাশ কৰা অনুসৰি সৰভোগৰ পৰিবৰ্তে ভৱানীপুৰত প্ৰাৰ্থীত্ব আগবঢ়াব মন মেলিছে ৰাজ্যিক সভাপতি ৰণজিৎ দাসে । ৰণজিৎ দাসৰ অতিকৈ ঘনিষ্ঠ ভৱানীপুৰ সমষ্টিৰ তত্বাৱধায়ক গোপীনাথ দাস । ৰণজিৎ দাসৰ নিৰ্দেশ মৰ্মেই গোপী নাথ দাসে ভৱানীপুৰ সমষ্টিত বিজেপি শক্তিশালী কৰাৰ বাবেই দিন ৰাতি একাকাৰ কৰি কাম কৰি যোৱা পৰিলক্ষিত হৈছে । ৰাজ্যিক সভাপতি গৰাকীৰ হৈ গোপীনাথ দাসে সমষ্টিটোত নিৰ্বাচনী তৎপৰতা অবলম্বন কৰা বুলিও সমষ্টিটোৰ ৰাইজৰ মাজত বিশেষ ভাবে চৰ্চা লাভ কৰিছে । ৬৩ শতাংশ হিন্দু ভোটাৰ থকাৰ বিপৰীতে ৩৬ শতাংশ মুছলমান ভোটাৰ আছে সমষ্টিটোত।ৰাজনৈতিক অংকত অতি পাকৈত ৰণজিৎ দাসে ও সমষ্টিটোত নিজকে সুৰক্ষিত দেখি সমষ্টিটোৰ সকলো ধৰণৰ উন্নয়ন মুলক বিভিন্ন কাম কাজত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । চি পি এমৰ পৰা সৰভোগ সমষ্টি আজুৰি অনাৰ দৰেই ভৱানীপুৰ সমষ্টি ও ইউ ডি এফৰ পৰা ৰণজিৎ দাসে আজুৰি আনিব পাৰিব বুলি বিশ্বাসী হৈ পৰিছে দলীয় কৰ্মীসকল যদি সেয়াই হয় লক্ষণীয় হৱ পৰবৰ্তি পৰ্য্যায়ত ভৱানীপুৰ সমষ্টিত নিৰ্ৱাচনী যুজ খন।

Total Page Visits: 17 - Today Page Visits: 1