বৰক্ষেত্ৰীত শশী শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন

64

বৰক্ষেত্ৰীত শশী শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন
দুৰ্নীতিৰ দৰ্পণ সেৱা ,আক্ৰাম হুছেইন শিকদাৰ , ৰামপুৰ ,৩০ জানুৱাৰী : আজি বৰক্ষেত্ৰীত প্ৰথিতযশা সাহিত্যিক-মাৰ্ক্সবাদী বুদ্ধিজীৱী প্ৰয়াত শশী শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয় । তদুপলক্ষে নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখাৰ উদ্যোগত মুকালমুৱাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আকাশ জুনিয়ৰ কলেজ প্ৰাঙ্গণত এখন সভাৰ আয়োজন কৰা হয় । আবেলি ১-৩০ বজাৰ পৰা আৰম্ভ হোৱা উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰয়াত সাহিত্যিক শশী শৰ্মাৰ জীৱন-সাহিত্য বিষয়ক বক্তৃতানুষ্ঠানৰ লগতে বিশিষ্ট লেখক পৰীক্ষিত বৈশ্যৰ দ্বাৰা ৰচিত আৰু ৰদেবা প্ৰকাশনৰ স্বত্বাধিকাৰী আয়ুব আলীৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ ‘শশী শৰ্মা : জীৱন-মহত্ত্ব-সাহিত্য’ উন্মোচন কৰে বিশিষ্ট অভিনেতা তথা প্ৰয়াত শশী শৰ্মাৰ কনিষ্ঠ জোঁৱাই সুজিত শৰ্মাই । গ্ৰন্থখন লেখক পৰীক্ষিত বৈশ্যই নিজৰ সাহিত্যিক জীৱনত অনুপ্ৰেৰণা যোগোৱা সুলেখক মুকুল কলিতাৰ হাতত অৰ্পণ কৰে । উন্মোচনী ভাষণত শৰ্মাই কয় যে- শশী শৰ্মা কেৱল অসম বা ভাৰতৰে নহয় তেখেত পৃথিৱীৰেই এক বৰেণ্য ব্যক্তি। জনতা হাইস্কুল, ৰামপুৰৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আয়ুব আলীৰ সঞ্চালনাত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ তথা কামৰূপ কলেজৰ অধ্যাপক আব্দুৰ ৰউফ । নিৰ্দিষ্ট বক্তা আব্দুৰ ৰউফে নিজৰ ভাষণ প্ৰসংগত কয় যে- সাহসেই সাহিত্য বোলা কথাষাৰ শশী শৰ্মাৰ ক্ষেত্ৰত প্ৰযোজ্য । গণ-সংস্কৃতি উপাদান বিচাৰি তেওঁ জনজাতীয় অঞ্চল বা চৰ-চাপৰি অঞ্চললৈও গৈছিল । উক্ত অনুষ্ঠানতে ইতিপূৰ্বে পতা ‘শশী শৰ্মাৰ জীৱন আৰু সাহিত্য’ বিষয়ক ৰচনা প্ৰতিযোগিতাৰ পুৰষ্কাৰসমূহ বিতৰণ কৰা হয় । প্ৰথম পুৰস্কাৰ লাভ কৰে লাজমী হাছিনা মেহমুদাই । বিশিষ্ট লেখক পৰীক্ষিত বৈশ্যই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত ৰমনী নাথ, ৰুবী চুলতানা আৰু ৱাজিদা মেহমুদাই কবিতা পাঠেৰে ৰাইজক আপ্লুত কৰে ।

Total Page Visits: 9 - Today Page Visits: 1