বৰপেটাত আধাৰ কেন্দ্ৰৰ অনিয়মঃ তিনিজনক আটক

55

বৰপেটাত আধাৰ কেন্দ্ৰৰ অনিয়মঃ তিনিজনক আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ২৮ জানুৱাৰীঃ সম্প্ৰতি বৰপেটা জিলাৰ একাংশ আধাৰ কেন্দ্ৰৰ অনিয়মে গা-কৰি উঠাত তৎপৰ হৈ পৰিছে জিলা প্ৰশাশন ৷ অাজি সদৰ বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত দঙৰকুছিৰ মিস্ত্ৰিপাৰাত আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে আধাৰ প্ৰস্তুতৰ সৈতে জৰিত তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা লোককেইজন ক্ৰমে প্ৰহ্লাদ সৰকাৰ,প্ৰভাত মণ্ডল আৰু ছহিদুল ইছলাম বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে ৷ উল্লেখ্য যে,প্ৰহ্লাদ সৰকাৰ আধাৰ কেন্দ্ৰটোৰ চুপাৰভাইজাৰ আছিল ৷ যদিও বিভাগীয়ভাৱে জিলাখন সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ত আধাৰ কেন্দ্ৰৰ অনুমতি দিয়া হৈছিল প্ৰহ্লাদ সৰকাৰক ৷ পিছে দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়তৰ পৰিৱৰ্তে দঙৰকুছিৰ মিস্ত্ৰীপাৰাৰ এঘৰত আধাৰ কেন্দ্ৰ স্থাপন কৰি ধনৰ বিনিময়ত আধাৰ প্ৰস্তুত কৰি থকাৰ অভিযোগ উঠাৰ পিচতেই কেন্দ্ৰটোত অভিযান চলাই আৰক্ষীয়ে আটক কৰে লোক কেইজনক ৷ উক্ত দলটোৰ পৰা আধাৰ প্ৰস্তুতৰ কামত ব্যৱহৃত দুটা লেপটপ, এটা বায়’মেট্ৰিক ডিভাইছ,ৰেটিনা স্কেনাৰ,স্কেনাৰ মেচিনৰ লগতে নগদ প্ৰায় ৬ হাজাৰ টকা আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে ৷

Total Page Visits: 13 - Today Page Visits: 4