বৰপেটাত কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাঃ জিলা কাৰাগাৰত শিশুৰ ওমলা ঘৰ উদ্বোধন

47
বৰপেটাত কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাঃ জিলা কাৰাগাৰত শিশুৰ ওমলা ঘৰ উদ্বোধন
দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , হাউলী, ২৯ জানুৱাৰীঃ আজি বৰপেটাত কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা উপস্থিত হৈ জিলা কাৰাগাৰ পৰিদৰ্শণ কৰে ৷ আনহাতে , কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই ইয়াৰ পিচতে আজি বৰপেটা জিলা কাৰাগাৰত শিশুৰ ওমলা ঘৰ এটা উদ্বোধন কৰে ৷ কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই জনোৱা মতে , আছাম হিউমেন ৰাইটচ্ কমিচন আৰু বিভিন্নজনৰ পৰামৰ্শ অনুসৰি ৰাজ্যত অব্যাহত আছে কাৰাগাৰৰ সংস্কাৰ ৷ কাৰাগাৰৰ সংস্কাৰ কাৰ্যসূচী অনুসৰি ৰাজ্য চৰকাৰে প্ৰতিখন কাৰাগাৰতে শিশুৰ একোটা ওমোলা ঘৰ নিৰ্মাণ কৰিবলৈ লোৱা বুলি মন্তব্য কৰে ৷ ইতিমধ্যে গুৱাহাটী কাৰাগাৰত শিশুৰ ওমলা ঘৰ মুকলি কৰাৰ পিচত বৰপেটাত আজি শিশুৰ ওমলা ঘৰ মুকলি কৰা হয় ৷ কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই জনোৱা মতে , মডেল প্ৰিজন মেনুৱেল ২০১৬ অনুসৰি কাৰাগাৰ সমুহৰ সংস্কাৰ অব্যাহত আছে ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন কাৰাগাৰতে চি চি কেমেৰা লগোৱাৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি মন্তব্য কৰি কাৰাগাৰৰ সুৰক্ষাৰ বাবে ৰাজ্যৰ কাৰাগাৰ সমুহৰ বাহিৰত পেট্ৰ’লিঙৰ ব্যৱস্থা লোৱা বুলি প্ৰকাশ কৰে ৷ আনহাতে , কাৰাবন্দীৰ স্বাস্থ্য সেৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ প্ৰতিখন কাৰাগাৰত চিকিৎসকৰ আৱাসগৃহ নিৰ্মাণৰ ব্যৱস্থা লোৱাৰ কথাও প্ৰকাশ কৰে কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই ৷ ইপিনে , কাৰাগাৰ সমুহত অধিক কাৰাবন্দী ৰাখিবলগীয়া হোৱাতো আন এক সমস্যা হৈ পৰা বুলিও মন্তব্য কৰে ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এক হাজাৰ কাৰাবন্দী ৰাখিব পৰাৰ ব্যৱস্থাৰ বিপৰীতে সম্প্ৰতি প্ৰায় বাৰ শতাধিক কাৰাবন্দী থকা বুলি প্ৰকাশ কৰে ৷ আনহাতে , ৰাজ্যৰ প্ৰতিখন কাৰাগাৰ সম্প্ৰতি ক’ভিড মুক্ত বুলিও সদৰি কৰে কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই ৷ আনহাতে , বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে বৰপেটা জিলা কাৰাগাৰত শিশুৰ ওমলা ঘৰতো মুকলিক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কাৰাগাৰখনৰ উন্নয়ন আৰু সমস্যাসমুহ সমাধানৰ চেষ্টা চলাই থকাৰ কথা জানিবলৈ দিয়ে ৷
Total Page Visits: 11 - Today Page Visits: 1