বৰপেটাৰোডত সৰভোগ সমষ্টি ভিত্তিত পৃষ্ঠা প্ৰমুখ সন্মিলন , ২২-২৩ খন আসনতে সীমাবদ্ধ থাকিব মহাজোট : ৰনজিৎ কুমাৰ দাস

95

বৰপেটাৰোডত সৰভোগ সমষ্টি ভিত্তিত পৃষ্ঠা প্ৰমুখ সন্মিলন , ২২-২৩ খন আসনতে সীমাবদ্ধ থাকিব মহাজোট : ৰনজিৎ কুমাৰ দাস
দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰপেটা, ৭ ফেব্ৰুৱাৰী:‘কংগ্ৰেছ-এ আই ইউ ডি এফ, চি পি আই এম’ক মই প্ৰত্যাহ্বান জনাইছাে, সৰভােগ সমষ্টিলৈ। ২০২১ চনৰ বিধানসভা নির্বাচনত সৰভােগ সমষ্টিত বিজেপিৰ প্রার্থী জয় হােৱাটো নিশ্চিত। কেৱল সৰভােগ সমষ্টিতে নহয় , সমগ্ৰ অসমতে এইবাৰ বিজেপিয়ে ৬০ ৰ পৰা ৬৫ শতাংশ ভােট লাভ কৰাই নহয়, বিজেপিয়ে যি ১০০+ ৰ কথা কৈ আহিছে সেয়া পাৰ কৰি দেখুৱাব। এইবাৰ সংখ্যাগুৰু আৰু সংখ্যালঘু ৰাইজে বিজেপিকে ভােট প্রদান কৰিব।’ সৰভােগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰােডত অনুষ্ঠিত পৃষ্ঠা প্রমুখ সন্মিলনত কালি ভাষণ দি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কংগ্ৰেছ-এ আই ইউ ডি এফ আৰু বাওঁ দলৰ মহাজোঁটক এনেদৰে প্ৰত্যাহ্বান জনােৱাই নহয়, এই মহাজোটে ২২/২৩ খন আসনতে সীমাবদ্ধ থাকিব লাগিব বুলিও দাবী কৰে। ভাষণত ৰঞ্জিত কুমাৰ দাসে কয় যে বিজেপিয়ে যি ১০০+ মিছৰ কথা কৈ আছে সেয়া ৰাইজে সহজেই বুজি পায়। কিয়নাে বিজেপিৰ হাতত বর্তমানে ৬০ টা সমষ্টি আছে আৰু এই আটাইকেইটা সমষ্টিতে বিজেপিৰ বিজয় নিশ্চিত। আনহাতে বিজেপিয়ে অগপৰ সৈতে এতিয়ালৈকে আসন বুজাপৰা নকৰিলেও অগপৰ হাতত থকা ১৪ টা সমষ্টিত দলটোৰ প্রার্থী বিজয়ী হৈ অহাৰ লেখীয়াকৈ বি টি আৰত থকা ১২ টা সমষ্টিতে বিজেপিয়ে ইউ পি পি এলৰ সৈতে মিত্রতা কৰি জয়ী হােৱাটো নিশ্চিত বুলি ৰঞ্জিত কুমাৰ দাসে সদৰী কৰে। আনপিনে এই ৮৬ টা সমষ্টিৰ উপৰি জোনাই সমষ্টিত বিজেপি নতুবা নির্দলীয় প্রার্থী জয়ী হােৱাটো নিশ্চিত বুলি কোৱা ৰঞ্জিত কুমাৰ দাসে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ বাবে সৰুপথাৰ, গােলাঘাট, শিৱসাগৰ, নাজিৰা, তিতাবৰ, ডুমডুমা, নাওবৈচা আৰু মৰিয়নী সমষ্টি এইবাৰ বিজেপিৰ বাবে আশীর্বাদস্বৰূপ হৈ পৰিব বুলিও কয়। একেদৰে বিজেপিৰ দখলত বৰাক ভেলীৰ ৮ টা সমষ্টি আছিল যদিও এইবাৰ অতিৰিক্ত ৪ টা সমষ্টি বিজেপিৰ হাতলৈ আহিব বুলিও ৰঞ্জিত কুমাৰ দাসে দাবী কৰে। ইয়াৰ উপৰি বিজেপিৰ পৰা সংখ্যালঘু অধ্যুষিত সমষ্টিৰ পৰাও অতি ৪ জন প্রার্থী জয়ী হলে বিজেপিৰ ১০০+ ৰ মিছন সফল হৈ পৰিব বুলিও কয়। আনহাতে ইয়াৰ ফলত কংগ্ৰেছ এ আই ইউ ডি এফ মিত্ৰজোঁটৰ হাতত ২২/২৩ খন আসন থকাৰ বিপৰীতে নতুন দলৰ হাতত আসন নাথাকিবই বুলি দাবী কৰে। ইপিনে ৰঞ্জিত কুমাৰ দাসে পৰাজয়ৰ শংকাতে সৰভােগ সমষ্টিৰ পৰা নির্বাচন নেখেলে বুলি অপপ্রচাৰ চলাই আহিছে যদিও সৰভােগত ৰঞ্জিত কুমাৰ দাসে বিগত চাৰে চাৰি বছৰত যি উন্নয়নমূলক কাম কৰি সৰভােগ সমষ্টিক ৰাজ্যৰ শ্ৰেষ্ঠ আন চাৰি – পাঁচটা সমষ্টিৰ অন্যতম হিচাপে গঢ়ি তুলিছে তাৰ বাবেই সৰভােগত বিজেপিৰ যিকোনাে কার্যকর্তাই নির্বাচনত অৱতীৰ্ণ হ’লেই জয়ী হ’ব বুলিও কয় । তেওঁ কয় যে দেশৰ ভিতৰতে সৰভোেগ সমষ্টি এনে এটা সমষ্টি যত বিজেপিৰ কাৰ্যকর্তাসকলে হাৰি হাৰি , মাৰ খাই খাই হাৰক পৰাজিত কৰি চি পি আই এমৰ পৰা সমষ্টিটো নিজৰ দখললৈ নিছিল । তেনেক্ষেত্ৰত বিজেপিৰ বাবে সৰভােগ সমষ্টিত কার্যকর্তাসকলৰ অৱদান । কোনাে ক্ষেত্রতে পাহৰিব নােৱাৰি বুলিও তেওঁ দোহাৰে । বিজেপিৰ বুথ সভাপতিৰ পৰা আৰম্ভ কৰি প্ৰতিজন কার্যকর্তাই দলৰ বাবে গুৰুত্বপূৰ্ণ আৰু বিজেপি ব্যক্তিকেন্দ্রিক সলনি দলকেন্দ্রিক এটা দলহে । তেওঁ কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁ ৰাজ্যৰ ১২৬ টা সমষ্টিতে নির্বাচন খেলাৰ দায়িত্বত আছে আৰু এই সমষ্টিসমূহৰ পৰা প্রার্থী জয়ী কৰােৱাৰ দায়িত্বও লৈছে । তেনেক্ষেত্রত দলে তেওঁক যি দায়িত্ব দিয়ে , সেয়া নিষ্ঠাৰে পালন কৰিব বুলিও ৰঞ্জিত কুমাৰ দাসে কয়। বিজেপিয়ে সাংগঠনিকভাৱে বিগত সময়ছােৱাত কাম কৰি আহিছে আৰু চাৰে চাৰি বছৰত চৰকাৰেও যি উন্নয়নৰ লগতে পূর্বে দিয়া প্রতিশ্রুতি পালন কৰিছে সেই কাৰ্যৰ জৰিয়তে বিজেপিয়ে আগত বিধানসভা নির্বাচনত জয়ী হােৱাই নহয় , নিশ্চিতভাৱে চৰকাৰৰ গঠন কৰিব। আনহাতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিসমূহ আঁচনি গ্ৰহণ কৰিছে , সেই আঁচনিৰ দ্বাৰা অসমৰ ৯৫ লাখ লােকেই বিভিন্ন ধৰণে উপকৃত হৈছে। এইসকল হিতাধিকাৰীয়ে বিজেপিক ভােট দিলেই বিজেপিৰ চৰকাৰ গঠনত কোনাে প্রতিবন্ধকতা আহি নপৰে বুলিও ৰঞ্জিত দাসে কয় । তদুপৰি বিজেপিৰ ৫০ লাখ কার্যকর্তাই যদি অতিৰিক্ত এটাকৈ ভোট আনে তেন্তেও বিজেপিয়ে এক কোটি ভােট লাভ কৰিব আৰু এইদৰে বিজেপিৰ ভােটৰ সংখ্যাও বৃদ্ধি পাব বুলি ৰঞ্জিত কুমাৰ দাসে মতপােষণ কৰে । আনহাতে বিজেপিলৈ এইবাৰ সংখ্যালঘু ভােটাৰে অভূতপূর্ব সঁহাৰি জনাব বুলিও ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰে । সভাত কংগ্ৰেছ-এ আই ইউ ডি এফ তথা বাওঁ দলে সংখ্যালঘুৰ ভােটেৰে জয়ী হােৱাৰ যি সপােন দেখিছে সেয়া আকাশত চাং পতাৰ কথা বুলিও ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰে । ৰঞ্জিত কুমাৰ দাসে কয় যে কংগ্ৰেছ – এ আই ইউ ডি এফে ভবাৰ দৰে সকলাে সংখ্যালঘু লােকে তেওঁলােকৰ নহয় , আগত ষাঠি দিনত এই পট পৰিবৰ্তন হ’ব আৰু সংখ্যালঘু লােকেও বিজেপিক ভােট দিবলৈ সদলবলে ওলাই আহিব । তেওঁৰ মতে বিজেপিৰ শাসনত এজনাে সংখ্যালঘু লােকৰ গাৰ নােম এডালাে লৰা নাই । বিজেপিৰ বৰপেটা জিলাৰ উপ-সভাপতি বুবুল দেউৰীৰ পৰিচালনাত অনুষ্ঠিত আজিৰ সভাত ভাষণ ৰাখি বিজেপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে কংগ্ৰেছে ষাঠি বছৰে অসমত যি কেন্সাৰৰ ঘা কৰি থৈছিল সেই ঘা শুকুৱাই বিজেপিয়ে অসমত চাৰে চাৰি বছৰত বিকাশৰ ৰাজনীতি কৰিছে । বিজেপিয়ে অসমৰ জনতাৰ আশা আকাংক্ষা পূৰণ কৰি ৰাইজৰ আস্থা অটুট ৰাখিবলৈ সক্ষম হৈছে বুলিও দিলীপ শইকীয়াই কয় । তেওঁ বিৰােধীৰ মহাজোটে বিজেপিক ক্ষতি কৰিব নােৱাৰে বুলিও দোহাৰে । সভাত বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গােস্বামী , বি টি আৰৰ কার্যৱবাহী সদস্য তথা বিজেপি নেতা গৌতম দাস , সৰভােগ সমষ্টিৰ প্ৰভাৰী বনদ্বীপ ডেকা , ফণী পাঠক , সম্পাদিকা অকণি দেৱীয়ে ভাষণ দিয়াৰ লগতে সভাত বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাস , মণ্ডল সভাপতি ৰাজেশ সৰকাৰ , সম্পদ দাস , জয়গুৰু ঘােষও উপস্থিত থাকে । আনহাতে ২৭২ টা বুথৰ বিপৰীতে সভাত ৩,২৩৮ গৰাকী পৃষ্ঠাপ্রমুখৰ উপৰি পাঁচ সহস্রাধিক কার্যকর্তা উপস্থিত থাকে ।

Total Page Visits: 18 - Today Page Visits: 2