বৰপেটা মেডিকেল কলেজত গণৰাজ্য দিৱস

50

বৰপেটা মেডিকেল কলেজত গণৰাজ্য দিৱস

দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ২৭ জানুৱাৰীঃ নামনি অসমৰ ৰাইজৰ ভৰষাৰ থল বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়- চিকিৎসালয়ত কালি ৭২ তম গনতন্ত্র দিৱস পালন কৰা হয়। এই অনুষ্ঠানত পতাকা উত্তোলন কৰি চিকিৎসা মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ বিৰাজ কুমাৰ দাসে সকলো চিকিৎসক, নাৰ্চ , কৰ্মচাৰী আৰু ছাত্র ছাত্রী সকলক গনতন্ত্র দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোকে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্রকাশ কৰি নিজৰ লক্ষ্য ত উপনীত হবলৈ আহব্বান জনায় ৷ অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে বিশিষ্ট সাহিত্যক অক্ষয় কুমাৰ মিশ্রই ছাত্র ছাত্রী সকলক উদ্দেশ্যি উপদেশমূলক সাৰুৱা ভাষণেৰে আপ্লুত কৰে। অনুষ্ঠানত মাধৱ চৌধুৰী মহাবিদ্যালয়, বৰপেটা এন, এচ, এছৰ পেৰেড আৰু সৈত্যেন দাসৰ পৰিচালনাত কৰোণা ভেকচিনৰ বিষয়ে সজাগতামুলক বাটৰ নাট কৰোণা মহামাৰীৰ পৰা উদ্ধাৰ লবলৈ আগবাঢ়ি অহা নাই। এই ভেকচিন যে সম্পূর্ণ নিৰাপদ তাক সঠিক ভাবে উপস্থাপন কৰিছে এই বাটৰ নাট খনে। আজিৰ অনুষ্ঠানত চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দিগন্ত দাস, নাৰ্ছ অধীক্ষক অঞ্জলি শইকীয়া, ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সন্হাৰ সভাপতি ধ্ৰুৱ জ্যোতি দাস আৰু মহাবিদ্যালয় ছাত্র একতা সভাৰ সভাপতিয়ে বক্তব্য আগবঢ়ায়।

Total Page Visits: 13 - Today Page Visits: 2