ভূৰাগাঁৱত তিনি জুৱাৰীক গ্ৰেপ্তাৰ

38

ভূৰাগাঁৱত তিনি জুৱাৰীক গ্ৰেপ্তাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , ওৱাছিম হুছেইন, লাহৰীঘাট, ৫ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ ভূৰাগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বৰডুৱা টুপ গাঁৱৰ পৰা তিনি জুৱাৰীক গ্ৰেপ্তাৰ কৰে ভূৰাগাওঁ আৰক্ষীয়ে।ভূৰাগাওঁ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি যোৱা ৰাতি বি এছ বি ইটা ভাটাৰ কাষতে জুৱা খেলি থকাৰ সময়তে তিনি জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰী কেইজন ক্ৰমে খাইৰুল ইছলাম (২৫),মইদুল ইছলাম (২৬) আৰু শ্বাহাব উদ্দিন আলী (১৯) বুলি জানিব পৰা গৈছে । জানিব পৰা মতে , বাৰকাটি গাঁৱৰ খাইৰুল ইছলাম,বৰডুৱা টুপ গাৱৰ মইদুল ইছলাম আৰু বটালিমাৰী গাঁৱৰ শ্বাহাব উদ্দিন আলী।ধৃত জুৱাৰী কেইটাৰ পৰা জুৱাখেলৰ সামগ্ৰী আৰু কিছু পৰিমাণে নগদ ধন জব্দ কৰে । পিছত ভূৰাগাওঁ আৰক্ষীয়ে ১৮/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪/১৫ AGB ধাৰাত ধৃত জুৱাৰী কেইটাক জেল হাজতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে , মৃদুল হাজৰিকাই ভূৰাগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ পিছৰে পৰাই অঞ্চলটোত চলি থকা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । আৰক্ষী বিষয়া গৰাকীৰ এই পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

Total Page Visits: 10 - Today Page Visits: 2