মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ আৰম্ভ , নগাঁৱত শংকৰদেৱৰ “তত্ব আৰু প্ৰয়োগ” শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত

43

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ আৰম্ভ , নগাঁৱত শংকৰদেৱৰ “তত্ব আৰু প্ৰয়োগ” শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত
দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান ,নগাঁও , ২৯ জানুৱাৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি আৰু দৰ্শন বিশ্বজুৰি প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আজিৰ পৰা ৩ দিনীয়াকৈ নগাঁও চহৰ আৰু বটদ্ৰবাত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ । আজি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত সমাজ পুনৰ নিৰ্মাণ আৰু উন্নয়নত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ “তত্ব আৰু প্ৰয়োগ” শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হয় । মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আযোজিত এই আলোচনা চক্ৰ আজি পুৱা শিল্পী দিগন্ত ভাগৱতীয়ে বৰগীত পৰিবেশন কৰি শুভাৰম্ভ কৰে । আলোচনা চক্ৰত প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰি‌ বিশিষ্ট গৱেষক ড° জগদীশ পাটগিৰিয়ে কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল বিশ্বৰ এগৰাকী মহান শিল্পী আৰু শ্ৰেষ্ঠ দাৰ্শনিক । আলোচনা চক্ৰত আৰ্শীবাদ সূচক ভাষণ প্ৰদান কৰে সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে । মাধৱ সংস্কৃতিৰ ন্যাস ৰক্ষক ড° ধনঞ্জয় কুশ্ৰে শংকৰদেৱ মহোৎসৱৰ লক্ষ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰা আলোচনা চক্ৰত হাৰিয়ানা চৰকাৰৰ বিত্তীয় পৰামৰ্শদাতা অধ্যাপক ড° মদন মোহন গোৱেলে কয়- মূল্যবোধ সম্পন্ন সমাজ গঠনত শ্ৰীমন্ত শঙ্কৰদেৱৰ অবদান অতুলনীয় আছিল । আলোচনা চক্ৰত হোজাই ৰবিন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অমালেন্দু চক্ৰৱৰ্তী, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মৃণাল বৰাই মনানশীল বক্তব্য আগবঢ়ায় । আলোচনা চক্ৰৰ আহ্বায়ক ড০ বুধেন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত বিহাৰৰ বিশিষ্ট পণ্ডিত প্ৰফেচাৰ পুস্পম নাৰায়ন,পণ্ডিত দয়ানন্দ পাঠক,অধ্যাপক ডঃ দীপক বৰা, জগত শইকীয়া,বিশিষ্ট সত্রীয়াশিল্পী,অধ্যাপক ড০ ভৱানন্দ বৰবায়ন,ড০ সঞ্জীৱ কুমাৰ বৰকাকতী, ড০ দীপেন্দ্ৰ কুুমাৰ মজুমদাৰ,ড০ নবকান্ত অধিকাৰী,প্ৰভাত চন্দ্ৰ দাস,পবিত্ৰ প্ৰাণ গোস্বামী , ৰঞ্জিত মহন্ত আদিয়ে গুৰুজনাৰ জীৱন দৰ্শনৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে । অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা,সত্ৰাধিকাৰ ৰিজু পাঠক,উৎপল গোস্বামী,বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা,সত্ৰ মহাসভাৰ উৎপল মহন্তকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । কাইলৈ আৰু পৰহিলৈ শ্ৰী শ্ৰী বটদ্ৰবা থানত শংকৰদেৱ মহোৎসৱৰ আন কাৰ্যসূচী সমূহ ৰূপায়ন কৰা হ’ব ।

Total Page Visits: 7 - Today Page Visits: 2