মাজুলীত বলুকা শিল্পীৰ হাতৰ পৰশত উজ্বলিল প্ৰধানমন্ত্ৰী , নদী পূজনেৰে মাজুলী-যোৰহাট দলঙৰ কাম শুভাৰম্ভ ,মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ সভ্যতা-সংস্কৃতিৰ জীৱনৰেখাঃ মুখ্যমন্ত্ৰী
অফলামূখ ঘাটৰ পৰা কল্পজিৎ শইকীয়া,১৮ ফেব্ৰুৱাৰীঃ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল মাজুলীবাসী, মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ সভ্যতা-সংস্কৃতিৰ জীৱনৰেখা । বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভেটি এই ব্ৰহ্মপুত্ৰৰ পাৰতে গঢ় লৈ উঠিছে । আজি মাজুলীবাসীৰ বহু আকাংক্ষিত মাজুলী-যোৰহাট দলঙৰ ভূমি পূজন কৰাৰ পূৰ্বে মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰতি মোৰ সেৱা জনালোঁ ৷ আজি পুৱা যোৰহাট-মাজুলী সংযোগী দলঙৰ মহাবাহু ব্ৰহ্মপুত্ৰ পূজন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে মন্তব্য কৰে ৷ বহু জল্পনা-কল্পনাৰ ওৰ পেলাই মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তবায়িত কৰাৰ বাবে আজি যোৰহাট-মাজুলী সংযোগী দলঙৰ নদী পূজনৰ লগতে কাৰিকৰী কামৰ শুভাৰম্ভ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মাজুলীবাসীৰ হৈ কৃতজ্ঞতা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আজি পুৱা ১০ বজাত মুখ্যমন্ত্ৰীজনক দক্ষিণপাট সত্ৰৰ গায়ন-বায়ন , নটুৱা নৃত্যৰ পৰিবেশনৰ মাজেৰে দক্ষিণপাট সত্ৰৰ সমীপৰ পাৰ ঘাটলৈ আদিৰ অনাৰ পিছতে দক্ষিণপাট সত্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা নদী পূজন কাৰ্যসুচীত মুখ্যমন্ত্ৰী সোণোৱালৰ উপস্থিতিত নদীৰ পাৰত অস্থায়ী প্ৰেক্ষাগৃহত বিগ্ৰহ প্ৰতিষ্ঠা কৰি পূজাৰীয়ে মন্ত্ৰোচ্ছাৰনে পূজাৰ মাংগলিক কাৰ্যসূচী সম্পন্ন কৰে । ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী,উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী , গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীৰ লগতে কেইবাজনো সত্ৰাধিকাৰ উপস্থিতি হৈ মহাবাহু ব্ৰহ্মপুত্ৰ বাবাক ধূপ-দীপ,নৈবেদ্যৰে উপাসনা কৰি ভূগ প্ৰদান কৰে ৷ ইয়াৰ পাছতে দক্ষিণপাটৰ কৃষি পথাৰত মাজুলীৰ প্ৰায় সংখ্যক সত্ৰৰ সত্ৰাধিকাৰ সহ ভকত বৈষ্ণৱ সকলে নাম- প্ৰসংগ কৰি ঐতিহাসিক দিনটো মঙ্গলময় কৰি তুলে ৷ আনফালে , বহু প্ৰত্যাশিত যোৰহাট-মাজুলী দলঙৰ ভূমি পূজনৰ ঐতিহাসিক দিনটোত প্ৰধানমন্ত্ৰী গৰাকীলৈ কৃতজ্ঞতা জনাই সুদূৰ শিৱগাৰৰ পৰা অহা বলুকা শিল্পী পংকজ ঢেকীলায় ফুকনে ব্ৰহ্মপুত্ৰৰ বালিচৰত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবি অংকণ কৰি সকলোকে আপ্লুত কৰে ৷ যুগ যুগ ধৰি যাতায়াতৰ ক্ষেত্ৰত পিছপৰি থকা নদী দ্বীপবাসীৰ এই আকাংক্ষিত দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হ’ল ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,কৃষি মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাজনো বিধায়ক সহ মাজুলীৰ বহু গণ্য মান্য ব্যক্তি ৷