মাজুলীৰ এগৰাকী ৬ বছৰীয়া কন্যাৰ মহানুভৱতা , ৰাম মন্দিৰ নিধি সমৰ্পণ সমিতিলৈ কমলাবাৰীৰ দিক্ষিতাৰ সাচতীয়া অৰ্থসাহাৰ্য্য

52

মাজুলীৰ এগৰাকী ৬ বছৰীয়া কন্যাৰ মহানুভৱতা , ৰাম মন্দিৰ নিধি সমৰ্পণ সমিতিলৈ কমলাবাৰীৰ দিক্ষিতাৰ সাচতীয়া অৰ্থসাহাৰ্য্য
দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাজুলীৰ পৰা কল্পজিৎ শইকীয়া,২৯ জানুৱাৰী :শ্ৰীৰাম চন্দ্ৰ হ’ল ধৰ্মৰ জীৱন্ত ৰূপ,দেশবাসীয়ে শ্ৰীৰামক ভাৰতৰ আত্মা স্বৰূপ জ্ঞান কৰি আহিছে ৷ শ্ৰীৰামজন্মভুমিত বিশাল শ্ৰীৰাম মন্দিৰৰ নিৰ্মাণ হ’ল ভাৰতবাসীৰ শাশ্বত প্ৰেৰণা ৷ এই ৰাম মন্দিৰৰ বাবে ৰামভক্ত সকলে ৪৯২ বছৰ নিৰন্তৰ সংঘৰ্ষ কৰি আহিছিল অতীতত হোৱা ৭৬ বাৰ কৈ হোৱা সংঘৰ্ষত ৪ লাখতকৈয়ো অধিক লোকে আত্ম বলিদান দিছে ৷ বিগত প্ৰায় ৩৬ বছৰ ধৰি জাতি,ধৰ্ম,ভাষা, সম্পদায় সংগবদ্ধ হোৱাৰ ফলত ১৯৮৯ চনৰ ৯ নৱেম্বৰত পূৰ্জ শন্ত সকলৰ উপস্থিতিত অনুসূচিত সমাজৰ বন্ধু শ্ৰীকামেশ্বৰ চৌপালৰ দ্বাৰা শ্ৰীৰাম জন্মভুমিৰ শিলান্যাস সম্পন্ন হৈছিল যদিও ৰাম মন্দিৰৰ বিষয়টো সত্ৰ ন্যয়ালয়ৰ পৰা উচ্চতম ন্যয়ালয়ত এক দীঘলীয়া ন্যায়িক প্ৰক্ৰিয়াৰ মাজত বিষয়টো আবদ্ধ হৈ পৰে ৷ কিন্ত এই সকলো বাধা অতিক্ৰম কৰি পৌৰাণিক তথ্য,পুৰাতাত্বিক খনন,ৰাডাৰ তৰঙ্গৰ দ্বাৰা লোৱা ছবি আৰু ঐতিহাসিক তথ্যৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া খণ্ড পীঠে ২০১৯ বৰ্ষৰ ৯ নৱেম্বৰত ১৪০০০ বৰ্গফুট ভুমি শ্ৰীৰাম লালাৰ বুলি ৰায় দান প্ৰদান কৰে ন্যয়ালয়ে ৷ ইয়াৰ পিছতেই ২০২০ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত চৰকাৰে “শ্ৰীৰাম জন্মভুমি তীৰ্থক্ষেত্ৰ “নামেৰে ন্যাস গঠন কৰি ৭০ একৰ ভুমিত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ ২০২০ বৰ্ষৰ ৫ আগষ্টত শ্ৰীৰাম জন্মভুমি তীৰ্থক্ষেত্ৰ নিৰ্মাণৰ ভুমি পুজন সম্পন্ন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় স্বংয়সেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে ৷ উল্লেখ্য যে , কোনো চৰকাৰী অৰ্থৰ সহায় নোলোৱাকৈ নিৰ্মাণ হব লগা শ্ৰীৰাম জন্মভুমি তীৰ্থক্ষেত্ৰ নিৰ্মাণৰ অৰ্থ সংগ্ৰহৰ বাবে শ্ৰীৰাম জন্মভূমি নিধি সমৰ্পণ সমিতি মাজুলী জিলাটো গঠন হৈছে ৷ দ্বীপ জিলা খনৰ প্ৰায় ১৫০ গাঁও সামৰি বুথ পৰ্যায়লৈকে ১৩১ খন টোলী গঠন কৰি ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ কৰি থকা বুলি মাজুলী জিলা শ্ৰীৰাম জন্মভুমি নিধি সমৰ্পণ সমিতিৰ সভাপতি উৎপল মহন্তই আমাক জানিবলৈ দিয়ে ৷ উল্লেখ্য যে , এই তীৰ্ক্ষেত্ৰ নিৰ্মাণৰ বাবে মাজুলী কমলাবাৰীৰ এগৰাকী ৬ বছৰীয়া কিশোৰী দিক্ষিতা দাসে চাইকেল কিনিবলৈ জমা কৰা ধণ আগবঢ়ালে অযোধাৰ ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য্যাত ৷ দিক্ষিতাৰ মহানুভৱতাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ এই কন্যা সন্তান গৰাকীয়ে পিতৃ-মাতৃ,আত্মীয় স্বৰ্জনে বিদ্যালয়লৈ যোৱাৰ পৰত চকলেট,মৰটন, চিৰ্পচ আদি খাবলৈ দিয়া টকা কেইটা এটা বাকচত সাচি ৰাখিছিল এখন চাইকেল কিনাৰ হেপাঁহত , কিন্ত দিক্ষিতাৰ আধ‍্যাত্মিকতা আৰু ইশ্বৰ প্ৰতি থকা প্ৰেমে বহু জনৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে এই কণমানি দিক্ষীতাই কালি শ্ৰীৰাম জন্মভূমি নিধি সমৰ্পণ সমিতিৰ মাজুলী জিলা সমিতিৰ হাতত এই অৰ্থৰ বাকচ টো প্ৰদান কৰে ৷ কণমানি জনীৰ এই মহান কৰ্মক সলাগ লৈছে শ্ৰীৰাম জন্মভূমি নিধি সমৰ্পণৰ মাজুলী জিলা সমিতিয়ে ৷ কমলাবাৰীৰ দিনেশ দাস নামৰ স্বয়ং সেৱক গৰাকীৰ কন্যা সন্তান গৰাকীৰ এই মহানুভৱতাই মাজুলী জিলা শ্ৰীৰাম জন্মভুমি নিধি সমৰ্পণ সমিতিক উৎসাহিত কৰা বুলি মন্তব্য কৰি এই কন্যা সন্তান গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷ মাজুলীৰ প্ৰতিখন গাৱৰ জনসাধাৰণক মাজুলী জিলা শ্ৰীৰাম জন্মভুমি নিধি সমৰ্পণ সমিতিৰ হাতত তেওলোকৰ আৰ্থিক সাহায্য প্ৰদানৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷

Total Page Visits: 11 - Today Page Visits: 3