মাণিকপুৰত অগপৰ নিৰ্বাচনী কুজ কাৱাজ,শতাধিক অগপত যোগদান

52

মাণিকপুৰত অগপৰ নিৰ্বাচনী কুজ কাৱাজ,শতাধিক অগপত যোগদান
দুৰ্নীতিৰ দৰ্পণ,মাণিকপুৰ ,৩০ জানুৱাৰী : পৰিবৰ্তিত ৰাজনৈতিক বাতাবৰণক লৈ একাংশ ৰাজনৈতিক দলে যি দৰে পাভলুটি মাৰি নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে জনতাক বিভ্ৰান্ত কৰাৰ প্ৰচেষ্টা লৈ আহিছে , সেই প্ৰচেষ্টাক এইবাৰ জনতাই উফৰাই পেলাবই এই মন্তব্য ৩৪ নং উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক ভুপেন ৰায়ৰ ৷ শনিবাৰে বঙাইগাঁও জিলাৰ মানিকপুৰত অনুষ্ঠিত হোৱা অগপৰ দলীয় সভাত উপস্থিত থাকি তেওঁ এই মন্তব্যৰ লগতে অগপত এতিয়া অসংখ্য নতুন মুখৰ আগমণ ঘটাত দলটোৱে পুনৰ আগৰ দৰে শক্তিশালী হৈ উঠিছে ৷ স্মৰ্তৱ্য যে , অগপৰ অভয়াপুৰী বিধান পৰিষদৰ সভপতি দিলীপ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা ফৰিদ আখতাৰ আৰু গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী নিবেদিতা ৰাজবংশীৰ নেতৃত্বত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দুই শতাধিক নেতা কৰ্মীয়ে দলত্যাগ কৰি আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে ৷ আজিৰ এই সভাত অগপ নেতা ৰহিজুল ইছলাম ,হেম ৰায় ,প্ৰমোদ ৰায়,মুকুল ৰায় পাৰ্থ ৰায় ,নিৰঞ্জন দাস , চাইদুল ইছলাম , হাফিজুৰ ৰহমান ,ৰাজু ৰায়, কেশৱ দেৱ শৰ্মা আদি উপস্থিত থাকে ।

Total Page Visits: 14 - Today Page Visits: 2