মানকাচৰৰ কালাপানীৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণ কৰিলে মেৰিনা খানে
দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ২১ ফেব্ৰুৱাৰী : মানকাচৰৰ বৃহত্তৰ পূৰ্বাঞ্চলৰ কালাপানী গাঁও পঞ্চায়তৰ অন্তগৰ্ত গোতৰাৰ পাৰৰ কালো নদীয়ে ইপাৰ আৰু সিপাৰৰ যোগাযোগ বিছিন্ন হৈ পৰিছিল কেইবাবছৰ আগৰে পৰাই। স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো কোনো জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম মেৰিনা খানে কৰি দিয়াৰ পিছতেই আনন্দ মূখৰ হৈ পৰে কালাপানীত। আন্ত ৰাষ্ট্ৰীয় সীমান্ত মানকাচৰৰ উন্নয়নৰ জীয়া ছবিয়েই জলা কলা খোৱাই আহিছে মানকাচৰৰ বিভিন্ন ঠাইত।আজিও উন্নয়নৰ মূখ নেদেখা কৈ আছে মানকাচৰৰ বিভিন্ন ঠাইত । আজি মানকাচৰৰ কালাপানীৰ গোতৰাৰ পাৰত এখন কাঠৰ দলৰ উদ্বোধন কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান আৰু উপায়ুক্ত গুৰদীপ সিং পানেচৰে। স্বাধীনতাৰ ৭৪ বছৰ ধৰি বিভিন্ন জনপ্ৰতিনিধিক কামটো কৰি দিয়াৰ বাবে অনুৰোধ কৰাৰ পিছতো কান সাৰ দিয়া নাছিল কোনোৱেই। মেৰিনা খানে নিজৰ জিলা পৰিষদ পুঁজিৰ পৰা কামটো আৰম্ভ কৰি দিছিল আৰু আজি কাঠৰ দলংৰ উদ্বোধনী কৰাত ৰাইজৰ মাজত আনন্দ মূখৰ হৈ পৰে । ইফালে,কালাপানী লক্ষীশৰীফ সংযোগী দলংখন যোৱা বানপানীৰ সময়ত ভাঙি যোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আছিল কেইবাখনো গাওঁৰ ৰাইজে । আজি নিজৰ তববিলৰ পৰা পুনৰ মেৰামতিৰ বাবে ১ লাখ টকা আগবঢ়ায় মেৰিনা খানে । মনকৰিবলগীয়া কথা যে , পূৰ্বাঞ্চলত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । উন্নয়ন আৰু পৰিবৰ্তনৰ শ্লোগান দি দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হৈছে যদিও যিমান উন্নয়ন হব লাগিছিল আচলতে সিমান উন্নয়ন হোৱা নাই আন্ত ৰাষ্ট্ৰীয় সীমান্ত মানকাচৰত । আজিৰ দিনতো বিশুদ্ধ খোৱাপানী, যাতায়ত, স্বাস্থ্য সেৱা আদি উন্নত সেৱাৰ পৰা বঞ্চিত হৈ আছে মানকাচৰৰ বিভিন্ন অঞ্চল।
মানকাচৰৰ কালাপানীৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণ কৰিলে মেৰিনা খানে
Total Page Visits: 81 - Today Page Visits: 2