“মিছন হেপাহ” ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পাল(আইএএচ)ৰ বিশেষ পদক্ষেপ

0
84
“মিছন হেপাহ” ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পাল(আইএএচ)ৰ বিশেষ পদক্ষেপ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ১৫অক্টোৱৰঃ দিব্যাংগ সকলক সৰ্বাতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ ৰঙিয়া মহকুমাৰ মহকুমাধিপতি  স্বপ্নীল পাল (আই এ এচ)ৰ এক মহান পদক্ষেপ “মিচন হেপাহ” ৰ শুভাৰম্ভনি কৰে কামৰূপ জিলাৰ উপায়ুক্ত শ্ৰী কৈলাশ কাৰ্ত্তিক এন (আইএএচ) । ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দিব্যংগ লোকসকলৰ সহায়ৰ হকে ৩টা মুখ্যা দিশ ১) প্ৰতিজন দিব্যাংগৰ বাবে প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰা। ২)প্ৰতিজন দিব্যাংগক ইউ ডি আই ডি কাৰ্ড পোৱাৰ ব্যৱস্থা কৰা। ৩)প্ৰতিজন দিব্যংগ লোকক পেঞ্চনৰ ব্যাৱস্থা কৰা । এই মিছনৰ জৰিয়তে বৰ্তমান কামৰূপ জিলাৰ প্ৰতিজন দিব্যাংগই যাতে বিভিন্ন চৰকাৰী আচঁনিৰ লগতে সা-সুবিধা ঘৰতে বহি পায় , তাৰ বাবে যথাসম্ভৱ সকলো ব্যাৱস্থা গ্ৰহণৰ বাবে সভাত উপস্থিত বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে । জিলাখনৰ বিভিন্ন পঞ্চায়তত দিব্যংগ সকলৰ বাবে শিবিৰ অনুষ্ঠিত কৰি এই শিবিৰতেই তেঁওলোকক সুবিধাসমূহ উপলব্ধ কৰোৱা হʼব । উল্লেখযোগ্য যে , ৩ মাহৰ ভিতৰত এই মিছন সম্পূৰ্ণ কৰাৰ আশা কৰা হৈছে । উক্ত অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কান্তা দাস,ৰঙিয়া ৰাজহ চক্ৰ বিষয়া চন্দন বড়গোহাই,মহকুমা স্বাস্থ্য বিষয়া ডঃ চৈয়দ চফিকুল হক,কমলপুৰ খণ্ড উন্নয়ন বিষয়া কান্তা কাকতি,ৰঙিয়া খণ্ড উন্নয়ন বিষয়া ধনজিৎ দত্ত,বিহদীয়া জাজিকোনা খণ্ড উন্নয়ন বিষয়া হেমন্ত ডেকা,চিডিপিও ডেইজি ৰাণী দেৱী, নাচৰীণ চুলতানা ,এন জি ও গৰীৱনন্দন জনকল্যান সমিতি,প্ৰভাতি কিৰণৰ সদস্যসকল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here