মুখ্যমন্ত্ৰী সোণোৱালৰ অধ্যক্ষতাত জনতা ভৱনত বৈঠক ,কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

83

মুখ্যমন্ত্ৰী সোণোৱালৰ অধ্যক্ষতাত জনতা ভৱনত বৈঠক ,কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , গুৱাহাটী ,১० ফেব্ৰুৱাৰীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰে । বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিভিন্ন পৌৰসভাৰ ১,৬৫৩ গৰাকী কৰ্মচাৰীৰ সেৱা সুবিধা বৃদ্ধিত অনুমোদন । এতিয়াৰে পৰা তেওঁলোক নগৰ উন্নয়ন বিভাগৰ অধীনত চুক্তিবদ্ধ কৰ্মচাৰীৰূপে বিবেচিত হ’ব । গুৱাহাটী প্ৰেছ ক্লাব,কৰুণাধাৰা,জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ আৰু অসম অনুসূচীত জাতি চাফাই কৰ্মচাৰী পৰিষদকে ধৰি বিভিন্ন বেচৰকাৰী সংস্থা আৰু সংগঠনলৈ ভূমিৰ আবণ্টনত অনুমোদন । ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ নতুন চৌহদ স্থাপনত অনুমোদন । ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগক লোক নিৰ্মাণ বিভাগ হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ । ৰাজ্যৰ বাবে শক্তি সংৰক্ষণৰ নীতি-নিয়মত স্বীকৃতি প্ৰদান । সকলো বাণিজ্যিক ভৱনে এই নীতি-নিয়মসমূহ পালন কৰিব লাগিব।ৰাজ্যৰ চাইবাৰ ছিকিউৰিটি প’লিচীত অনুমোদন । অলিম্পিক,এছিয়ান গেমছ্,কমনৱেলথ্ গেমছ্ (প্ৰথম শ্ৰেণী) আৰু ছিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ (দ্বিতীয় শ্ৰেণী)ত পদক বিজয়ীক বিষয়া হিচাপে নিযুক্তি প্ৰদানৰ বাবে Integrated Sports Policyৰ সংশোধনত অনুমোদন । হিমা দাসক উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হ’ব । বড়োলেণ্ড আৰু ষষ্ঠ অনুসূচীৰ এলেকাত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনত অনুমোদন । পাৰ্বত্য অঞ্চল বিভাগক অসম ষষ্ঠ অনুসূচী পৰিষদ বিভাগ হিচাপে নতুনকৈ নামকৰণ কৰাৰ সিদ্ধান্ত । উপ ভোক্তাসকলক বৃহৎ সকাহ প্ৰদানেৰে সকলো উপভোক্তা গৃহলৈ মাহিলি ৩০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগানৰ সিদ্ধান্ত। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন , কৃষি, মীন,পশুপালন আৰু পশু চিকিৎসা, পাৰ্চনেল- এই ৬টা বিভাগক লৈ বৰাক উপত্যকাৰ শিলচৰত মিনি সচিবালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ ।

Total Page Visits: 10 - Today Page Visits: 2