মৰাণৰ ধেমেচীত কাতি বিহুৰ দিনাই বিদ্যুতৰ পোহৰ বিচাৰি টিপ চাকি লৈ ৰাইজৰ প্ৰতিবাদ 

776
মৰাণৰ ধেমেচীত কাতি বিহুৰ দিনাই বিদ্যুতৰ পোহৰ বিচাৰি টিপ চাকি লৈ ৰাইজৰ প্ৰতিবাদ
ষ্টাফ ৰিপ’ৰ্টাৰ, ডিব্ৰুগড়, ১৭ অক্টোবৰঃ  আজি কাতি বিহুৰ দিনটোতে বিদ্যুতৰ পোহৰ বিচাৰি মৰাণৰ ধেমেচীত টিপ চাকি লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে । মৰাণ সমষ্টিৰ ধেমেচী গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেওধাই বঙালী গাঁ‌ৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা সমস্যা বিদ্যুতৰ সমস্যা । গাওঁখনত সংযোগ নাই বিদ্যুতৰ । টিপ চাকিৰ পোহৰত ৰাইজে অতিবাহিত কৰিছে দিন । যাৰ বাবে গাওঁখনৰ ৰাইজে বিদ্যুৎ সংযোগ কৰাৰ দাবীত আজি দলে বলে উলাই আহি গাওঁখনৰ মাজমজিয়াত সাব্যস্ত কৰিলে প্ৰতিবাদ । প্ৰতিবাদকাৰী সকলে জ্বলালে বিধায়ক চক্ৰধৰ গগৈৰ পুত্তলিকা । প্ৰায় ৭০ টা পৰিয়াল থকা গাওঁখনত আজিৰ লৈকে হোৱা নাই বিদ্যুৎ সংযোগ । যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া শুনা কৰাৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱাৰ লগতে গাওঁবাসীয়েও অনেক কষ্টেৰে দিন কটাব লগা হৈছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ৫ টকা দি অন্য গাঁ‌ৱত ম’বাইল সমূহ চাৰ্জ কৰি আনিব লগা হয় । ইফালে কেৰাচিন তেলো সময় মতে নাপায় গাওঁবাসীয়ে । সমস্যাৰ মাজত থকা ৰাইজে বিদ্যুতৰ এই সমস্যাটোৰ সন্দৰ্ভত বিদ্যুৎ বিভাগৰ লগতে স্থানীয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক অৱগত কৰিছে যদিও আজিৰলৈকে সুফল পোৱা নাই । উপায়ন্ত ৰাইজে এই প্ৰতিবাদৰ জৰিয়তে গাওঁখনত বিদ্যুৎ সংযোগ কৰিবলৈ দাবী জনোৱাৰ উপৰিও দাবী মানি নললে ভোট বৰ্জনৰ দৰে পদক্ষেপো লোৱা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে ।
Total Page Visits: 8 - Today Page Visits: 1