মৰিগাঁও প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন , দাবী সম্বলিত স্মাৰক পত্ৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ

26

মৰিগাঁও প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন , দাবী সম্বলিত স্মাৰক পত্ৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২০ ফেব্ৰুৱাৰী : প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ লগতে স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা ৮৭০০ টকাৰ গ্ৰেড পে’ ঘূৰাই দিয়াৰ দাবীত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত ঘেৰাও ৰূপায়ন কৰে । জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি বিজয় সিং ডেকা আৰু সাধাৰণ সম্পাদক ৰুবুল মেধিৰ নেতৃত্বত আজি পুৱা ভাগৰ পৰা প্ৰায় তিনি শতাধিক শিক্ষকে ৩ ঘন্টা ধৰি মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্ল’গানে শিক্ষক সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তেওঁলোকৰ দাবী সমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ভিন্ন পৰ্যায়ত ইতিমধ্যে ৩৭ বাৰকৈ আলোচনা কৰাৰ ওপৰিও শেহতীয়াকৈ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতো যোৱা ৫আৰু ১৪ নৱেম্বৰত দুবাৰকৈ আলোচনাত বহিছিল। সংগঠনটোৰ দাবী সমূহ সোনকালে সমাধান কৰিবলৈ আজি ৰূপায়ন কৰা প্ৰায় তিনি ঘন্টাজোৰা প্ৰতিবাদৰ অন্তত শিক্ষক সংগঠনটোৱে সভাপতি-সাধাৰণ সম্পাদকৰ স্বাক্ষৰিত দাবী সম্বলিত এক স্মাৰক পত্ৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Total Page Visits: 18 - Today Page Visits: 1